Mumbai hoarding collapse: মুম্বাইত হৰ্ডিং ভাঙি ১৪ জন নিহত, আহত ৭৪তকৈ অধিক....

mumbai

ধূলিৰ ধুমুহা আৰু বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই। সোমবাৰৰ দিনটোত হোৱা এক ভয়াৱহ দুৰ্ঘটনাৰ ফলত মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ’ল পাম্পত ৰখা ১০০ ফুট ওখ এখন হৰ্ডিং ভাঙি পৰি থিতাতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। 

তাৰ পাছতে মুম্বাইৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰাত মঙলবাৰৰ পুৱালৈকে ১৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও ৭৪ জন।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে এন ডি আৰ এফ ৰ এটা দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ হৰ্ডিঙে হেচি ধৰা লোকসকলক উদ্ধাৰ কৰে।

মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক। আনহাতে ৩১ জনক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা উলিয়াই দিয়া হৈছে।

মুম্বাইত এতিয়াও দুৰ্যোগ চলি আছে। ঘাটকোপাৰ, বান্দ্ৰা কুৰলা, ধাৰাভি অঞ্চলত ধুমুহা বতাহৰ লগতে বৰষুণ আৰম্ভ হৈছে। আপাততঃ মুম্বাই বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা তিনি-চাৰি ঘণ্টাত মুম্বাইৰ পালঘৰ, থানেৰ দৰে কেইবাটাও অঞ্চলত ৫০-৬০ কিলোমিটাৰ গতিত ধুমুহাৰ লগতে বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

Category