কম দিনত সহজতে কেনেকৈ কেঁচা কঁঠালৰ আচাৰ বনাব পাৰি?....

achar

এতিয়া হৈছে কঁঠালৰ বতৰ। বৰ্তমান কেঁচা কঠাল বা কঁঠালৰ মুচি সকলোতে সহজেই উপলব্ধ। 

গতিকে, আজি জানো আহক - 

কেঁচা কঁঠালেৰে কিদৰে সহজেই আচাৰ বনাব পাৰি?


উপকৰণঃ

কঁঠাল(১ কেজি ওজনৰ)— ১ টা।
নিমখ – আন্দাজমতে।
চেনি – ৫ চামুচ (চাহ চামুচৰ)।
ভিনেগাৰ – জোখমতে।
হালধি – ৩ চামুচ।
সৰিয়হ – ৫ চামুচ।
গোটা জিৰা– ৫ চামুচ।
তেঁতেলি– ৩ চিৰা।
মিঠা তেল– ২ কাপ।
আদা (ডাঙৰ)– ১ ডোখৰ।
নহৰু (ডাঙৰ)– ১ টা।
কেঁচা জলকীয়া– ৪/৫ টা।
পাঁচফোৰণ- ২চামুচ।

পোনপ্ৰথমে কঁঠালখিনি মজলীয়া জোখত কাটি কুকাৰট অলপ পানী আৰু তিনিচামুচ ভিনেগাৰ দি এটা হুইচেল দি সিজাই থ’ব। এতিয়া সিজোৱা কঁঠালখিনিত নিমখ, হালধি সানি ৰ’দত ১ ঘণ্টামান শুকুৱাই ল’ব। তাৰপিছত সৰিয়হ, জিৰা, আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু ভিনেগাৰত দি মিক্সিত পিহি ল’ব। কেৰাহিত ২কাপ মিঠাতেল গৰম কৰি ল’ব। তেলখিনিত পাঁচফোৰণ দি দিব লগতে মিক্সিত পিহি লোৱা মছলাখিনি দি দিব। ইয়াৰপাছত জোখমতে হালধি, চেনি আৰু জলকীয়া গুড়ি দিব। তেঁতেলিখিনি আধা কাপ পানীত দি ইয়াৰ ৰস উলিয়াই ল’ব। এতিয়া তেঁতেলিখিনি দি দিব। লগতে নিমখখিনি দি ভালকৈ কঁঠালখিনি লৰাব। ইয়াৰ পাছত এটা বটলত ভৰাই থ’ব আৰু মাজে মাজে ৰ’ দত দি থাকিব।

Category