১০৮ বছৰীয়া এজন বৃদ্ধা! দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন....

বৃদ্ধ

এগৰাকী শতায়ু গৰকা দুৰন্ত তৰুণ। পাৰ্থিৱ শৰীৰত বাৰ্ধক্যই ক্ষুদ্ৰ জঠৰতা আনিলেও মনে প্ৰাণে আজিও দুৰন্ত তৰুণ হৈয়ে আছে তেওঁ। ১৯১৬ চনত জন্ম গ্ৰহণ কৰা অতি সপ্ৰতিভতা আৰু সক্ষমতাক কাবু কৰি ৰখা এগৰাকী বৰ্ষীয়ান নাগৰিক হ'ল ঘনশ্যাম শইকীয়া। 

ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁৱৰ প্ৰয়াত কমল চন্দ্ৰ শইকীয়া আৰু নিগনি শইকীয়াৰ সুপুত্ৰ ঘনশ্যাম শইকীয়াই সোমবাৰে পদাৰ্পণ কৰিলে ১০৮ বছৰত। সম্ভৱতঃ ঢকুৱাখনা মহকুমাৰ ভিতৰতে সদাসক্ৰিয় সৰ্ববয়স্ক নাগৰিক হিচাপে পৰিগণিত ঘনশ্যাম শইকীয়াই এই শতিকা অতিক্ৰম কৰা ১০৮ বছৰীয়া জন্মদিৱসটি সোমবাৰে নিজৰ পছন্দৰে উদযাপন কৰে।

বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ পিতৃ পুৰুষ ঘনশ্যাম শইকীয়াৰ এই ১০৮ সংখ্যক জন্ম দিনটোত নিজে কে'ক কাটি পুত্ৰ কন্যা ,অভ্যাগত, অনুজ, শুভাকাংক্ষী আৰু পৰিয়ালবৰ্গলৈ এক অন্যন্য স্বচ্ছন্দময় অনুভূতি উপহাৰ দিয়ে। জীৱন পৰিক্ৰমাৰ শতবর্ষ অতিক্ৰমিও বাৰ্ধক্যৰ ওচৰত হাৰ নমনা শইকীয়াৰ এই ১০৮সংখ্যক জন্ম দিন উপলক্ষেত সোমবাৰে পিতৃ পুৰুষ গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় আনুষ্ঠানিক আয়োজন।  

burhs

শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ ক্ৰমে হেমকান্ত শইকীয়া , ক্ষীৰোদ শইকীয়া, ৰঞ্জিত শইকীয়া , কন্যা জয়ন্তী শইকীয়াৰ লগতে সমূহ আত্মীয় স্বজনৰ উৎসাহপূৰ্ণ পৰিৱেশত সোমবাৰে দুপৰীয়া সমূহীয়াকৈ এফাঁকি ঘোষাৰে পবিত্ৰ জন্মদিনৰ শুভাৰম্ভ কৰা হয়। 

জ্যেষ্ঠ নাগৰিক পৃথু বৰাই আঁত ধৰা এই বৰ্ণিল জন্ম দিনৰ কাৰ্যসূচী উদ্বোধন কৰে হেম বৰুৱাই। ইয়াৰ পাছতে শতায়ু অতিক্ৰম কৰা পিতৃ পুৰুষ শইকীয়াৰ জন্ম দিন উপলক্ষত আত্মীয় স্বজন, গুণগ্ৰাহী, ইষ্ট কুটুম্বৰ লগতে অগণন গুণমুগ্ধই ধৰ্মপ্ৰাণ শইকীয়াৰ চৰণ চুই প্ৰণিপাত জনাই গামোচা, চেলেং চাদৰ আদিৰে মান্যতা প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত পশ্চিম মাছখোৱা অঞ্চলৰ অন্যতম বৰ্ষীয়ান জ্যেষ্ঠ নাগৰিক নাৰায়ণ হাজৰিকা, গোলোক বৰা, বগেন ভৰালী, গোলাপ চেতিয়াৰ লগতে ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক ভুৱন চমুৱা, ভোলা নাথ গগৈক শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা লগতে এক অব্যক্ত উচাহ আৰু উল্লাসৰ মাজত বিধৌত হোৱা পৰিবেশৰ মাজতে ১০৮ বছৰীয়া শইকীয়াই কে'ক কাটি আত্মীয় স্বজন, অভ্যাগত সকলক খুৱাই আৰু নিজেও খাই বিমল আনন্দৰ মাজত বিলীন হয়।

ইপিনে পত্নী প্ৰয়াত কলিমা শইকীয়াৰ সান্নিধ্য আৰু স্মৃতি ৰোমন্থনেৰে শইকীয়াই অতীত স্মৰণ কৰি চমু বক্তব্য আগবঢ়াই। শ্ৰৱণ শক্তিৰ কিছু হ্রাস পোৱা  শইকীয়াই জন্মদিনৰ দিনাও আজন্ম সাৰথি ৰেডিঅ'তো সন্মুখত ৰাখি প্ৰদান কৰা চমু সৰস  কথাই উপস্থিত সকলক অন্যন্য জীৱনী সুধাৰে আহ্লাদিত কৰে।

Category
Profile picture for user UB Photos