গৰম বন্ধ! ৩দিনলৈ পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান.....

school

২৫ এপ্ৰিলৰ পৰা গৰম বন্ধ! আজিৰে পৰা আগন্তুক ৩দিনলৈ পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান! ডাঙৰ সিদ্ধান্ত হ’লে এইখন ৰাজ্য চৰকাৰে! উৎকট গৰমৰ মাজতে এই সিদ্ধান্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 

ইয়াৰ পূৰ্বে ৰাজ্যখনত ৩ দিনৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছিল। ২৫ এপ্ৰিলৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা ৰাজ্য চৰকাৰখনৰ। ৰাজ্যজুৰি বন্ধ থাকিব বিদ্যালয়। 

কেৱল সেয়াই নহয়, উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ​​২২ এপ্ৰিলৰ পৰা পুৱা ৬:৩০ বজাৰ পৰা ১০:৩০ বজালৈ বিদ্যালয় সমূহ খোলা হৈছে। ২২, ২৩ আৰু ২৪ এপ্ৰিলত পুৱা ৬:৩০ বজাৰ পৰা ১০:৩০ বজালৈ খোলা থাকিব বিদ্যালয়। 

উল্লেখ্য যে, সকলো চৰকাৰী বিদ্যালয়, ব্যক্তিগত আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।

গ্ৰীষ্মকালীন ছুটীৰ সময়ত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত শিক্ষা আৰু শৈক্ষিক কাৰ্যসূচীৰ বাবে ৰাজ্যিক প্ৰাথমিক শিক্ষা সঞ্চালক, ৰাজ্যিক মাধ্যমিক শিক্ষা সঞ্চালক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ প্ৰত্যক্ষ তত্বাৱধানত বিদ্যালয়সমূহ পৰিচালনা কৰা হ’ব । উৎকট গৰমৰ বাবে ওড়িশা চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।
 

Category
Profile picture for user UB Photos