আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন! ৮৬,৪৭,৮৬৯জন ভোটাৰে নিৰ্ণয় কৰিব ৩৫ প্ৰাৰ্থীৰ ভাগ্য......

loksabha

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৫ বজালৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। ডিব্ৰুগড়, যোৰহাট, লখিমপুৰত আজি ভোট, শোণিতপুৰ আৰু কাজিৰঙাতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। 

উল্লেখ্য যে, ৫ সমষ্টিত ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শোণিতপুৰত ৮গৰাকী, যোৰহাটত ৪গৰাকী, লখিমপুৰত ৯, ডিব্ৰুগড়ত ৩গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, কাজিৰঙাত সৰ্বাধিক ১১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। 

আনহাতে, যোৰহাটত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ, কংগ্ৰেছৰ গৌৰৱ গগৈ, কাজিৰঙাত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কী, শোণিতপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু।

শোণিতপুৰত AAPৰ ঋষিৰাজ কৌণ্ডিন্য, BPFৰ ৰাজু দেউৰী, লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, অজাপৰ লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড়ত AAPৰ মনোজ ধানোৱাৰ।

সৰ্বমুঠ ৮৬,৪৭,৮৬৯জন ভোটাৰে নিৰ্ণয় কৰিব ৩৫ প্ৰাৰ্থীৰ ভাগ্য। লগতে, অসমৰ ১০,০০১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান। প্ৰথম পৰ্যায়ত ২১৯টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ, ৫৫০০ ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা, ভোটকেন্দ্ৰত লাইভ মণিটৰিং, ৱেব কাষ্টিঙৰ ব্যৱস্থা। আনহাতে, প্ৰতিটো কেন্দ্ৰত দুটাকৈ CCTV কেমেৰা সংস্থাপন কৰা হৈছে।

Category
Profile picture for user UB Photos