মেৰাপানীত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা! কৰ্তব্যৰত অৱস্থাত চিকিৎসকক আক্ৰমণ.....

assam

মেৰাপানীত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা
কৰ্তব্যৰত অৱস্থাত চিকিৎসকক আক্ৰমণ
নিশা ২ যুৱকে মৰিয়াই আহত কৰে চিকিৎসকগৰাকীক
গুৰুতৰভাৱে আহত ডাঃ মনিম আল মাছুদ আহমেদ
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে এজন অভিযুক্তক
বৰ্তমানো পলাতক চিকিৎসকক প্ৰহাৰ কৰা দ্বিতীয়জন অভিযুক্ত

যোৱা নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱকে মূৰত আঘাটপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহিছিল। সেইসময়ত চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাঃ মনিম আল্‌ মাছুদ আহমেদ।

পাপু নামৰ ৰোগীজনে আন এজন সতীৰ্থসহ চিকিৎসক জনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে যদিও কোনো ধৰণৰ টিকট সংগ্ৰহ নকৰাৰ বাবে ডাঃ আহমেদে ১ নং কোঠাৰ পৰা এটি টিকট সংগ্ৰহ কৰি অনাৰ বাবে জনায়। ইয়াৰ বিপৰীতে দুই যুৱকক চিকিৎসকজনে ১ নং কোঠালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । 

কিন্তু সেই সময়ত টিকট প্ৰদান কৰা ব্যক্তিজন কিবা কাৰণত বাহিৰলৈ যোৱাৰ বাবে তেওঁক নাপায় খঙত অগ্নিশৰ্মা হৈ দুই যুৱকে কৰ্তব্যৰত চিকিৎসকজনকে গুৰুলা গুৰুলকৈ মাৰপিট কৰাৰ লগতে তেওঁৰ হাতত থকা ম'বাইল ফোনটো ভাঙি চূৰমাৰ কৰে। ঘটনাৰ সন্দৰ্ভত নিশাই চিকিৎসকক প্ৰহাৰ কৰা পাপু শইকীয়াক আটক কৰে যদিও আনজন সতীৰ্থক বৰ্তমানেও কৰায়ত্ত কৰিব পৰা নাই। 
 

Category
Profile picture for user UB Photos