ভয়ংকৰ বাছ দুৰ্ঘটনা! ছত্তীশগড়ত দ' খাৱৈত বাছ পৰি মৃত্যু ১২ জনৰ, ১০ জনৰ অৱস্থা সংকটজনক! বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত......

chattisgarh

ছত্তীশগড়ৰ দুৰ্গ জিলাত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জনৰ অৱস্থা তেনেই সংকটজনক বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে, ৯ এপ্ৰিলৰ নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাটো। কুমহাৰীৰ পৰা ভিলাইলৈ উভতি অহাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। বাছত আছিল কেডিয়া ডিষ্টলৰী নামৰ প্ৰতিষ্ঠানৰ ৪০ কৰ্মচাৰী। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে এছডিআৰএফ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । 

ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানত দুখনকৈ ক্ৰেন মোতায়েন কৰা হয়৷ সমান্তৰালকৈ দুৰ্ঘটনাগ্ৰস্তসকলক স্থানান্তৰ কৰা হৈছে। আহতসকলৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগতে, দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীয়ে।

Category
Profile picture for user UB Photos