বিপদ বাঢ়িছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ! গোৱালিয়ত লালু যাদৱৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰৰ পৰোৱানা, কিন্তু কিয়?.........

lalu prasad

এতিয়াও যেন বিপদে লগ এৰা নাই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে বিহাৰৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ আদালতে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। অস্ত্ৰ আইনৰ গোচৰত গোৱালিয়ৰ আদালতে এই গোচৰ জাৰি কৰিছে।

উল্লেখ্য যে, ১৯৯৫-৯৭ চনত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে আছে অবৈধভাৱে অস্ত্ৰ ক্ৰয় কৰাৰ অভিযোগ। এই অভিযোগ ১৯৯৫ চনৰ ২৩ আগষ্টৰ পৰা ১৯৯৭ চনৰ ১৫ মে’ৰ ভিতৰত সংঘটিত হৈছিল।

জানিব পৰা মতে, মুঠ তিনিটা ফাৰ্মৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু কাৰ্টিজ ক্ৰয় কৰা হৈছিল। এই গোচৰত লালু প্ৰসাদ যাদৱকে ধৰি ২৩জন অভিযুক্তৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰে ৬জনৰ বিৰুদ্ধে বিচাৰ চলি আছে, দুজনৰ মৃত্যু হৈছে, আনহাতে ১৪জন পলাতক হৈ আছে। ১৯৯৮ চনৰ জুলাই মাহত এই গোচৰৰ অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে। ১৯৯৮ চনৰ এপ্ৰিল মাহত আৰক্ষীয়ে লালু প্ৰসাদ যাদৱৰ পুত্ৰ কুন্দ্ৰিকা সিঙৰ পলাতক পঞ্চনামা প্ৰস্তুত কৰিছিল।

এনে পৰিস্থিতিত এই বিষয়টো গোৱালিয়ৰ আদালতলৈ আহিছিল, কাৰণ ইয়াৰ লগত লালু প্ৰসাদ যাদৱৰ নাম জড়িত হৈ আছে। গোৱালিয়ৰ MP-MLA বিশেষ ন্যায়িক দণ্ডাধীশ মহেন্দ্ৰ সিঙৰ আদালতৰ পৰা অভিযুক্ত লালু প্ৰসাদ যাদৱৰ স্থায়ী গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে বুলি গোৱালিয়ৰ MP-MLA আদালতৰ এডিপিঅ’ অভিষেক মেহৰোত্ৰাই জানিবলৈ দিয়ে। এই গোচৰটো ১৯৯৫ চনৰ আৰু ১৯৯৭ চনৰ। ১৬ নং প্ৰপত্ৰৰ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি এজন অস্ত্ৰ ব্যৱসায়ীৰ পৰা ক্ৰয় কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। এই অস্ত্ৰসমূহ বিভিন্ন স্থানত যোগান ধৰা হৈছিল।

Category
Profile picture for user UB Photos