মঙলবাৰে স্থানীয় বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে! কিন্তু কিয়?......

holiday

ৰং সকলোৰে প্ৰিয়, সেয়া লাগিলে আবিৰৰ ৰং হওঁক বা জীৱনৰ ৰং। আৰু মাথোঁ কেইদিনমানৰ পিছতে সমগ্ৰ দেশ আবিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিব। ইতিমধ্যে সকলোতে প্ৰস্তুতি তুংগত উঠিছে।

হোলীৰ উপলক্ষেই একেলগে ৪দিনকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে! ৰঙৰ উৎসৱ হোলীৰ বাবে কাৰ্যালয় বন্ধ পাব এইসকল চৰকাৰী চাকৰিয়ালে। শনিবাৰ, দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে কাৰ্যালয় বন্ধ পাব চৰকাৰী চাকৰিয়ালে। 

holi

উল্লেখ্য যে, শনিবাৰে মাহটোৰ চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। সোমবাৰে হোলী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।

মঙলবাৰে কামৰূপ(মঃ) জিলা প্ৰশাসনে ঘোষণা কৰিছে স্থানীয় বন্ধৰ। কামৰূপ (মঃ) জিলাৰ চৰকাৰী চাকৰিয়ালে একেলগে ৪দিনকৈ বন্ধ পাব কাৰ্যালয়।

Category
Profile picture for user UB Photos