আপোনাৰো বাৰু সঘনাই ডিঙি শুকাই নেকি? ই কোনা ৰোগৰো লক্ষণ হ'ব পাৰে....জানো আহক.......

drinking water

যদিহে আপোনাৰ সঘনাই ডিঙি শুকাই, তেন্তে ইয়াক গুৰুত্ব নিদিয়াকৈ নাথাকিব। ই কোনো ৰোগৰ ইংগিত হ'ব পাৰে। 

সাধাৰণ অৰ্থত ৰাতি শোৱাৰ পাছত সাৰ পালে পানীৰ পিয়াহ লগাটো স্বাভাৱিক কিন্তু শুই যোৱাৰ পাছত সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হ'লে গুৰুত্ব দিয়াটো প্ৰয়োজন।

কি কি ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন?

১. অনেক সময়ত মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ বাবে ঔষধ সেৱন কৰে। বহু দিন ধৰি ঔষধ সেৱন কৰি থাকিলে ও নিশা শোৱাৰ পাছত বা টোপনিৰ পৰা সাৰ পালেই ডিঙি শকাই যোৱাটো স্বাভাৱিক। শীতকালত এনেদৰে ডিঙি শুকাই যোৱা অনুভৱটো বেছি হয়।

২. বহু মানুহে টোপনিত নাকৰ সলনি মুখেৰে উশাহ লয়, সেইবাৰে তেওঁলোকৰ ডিঙি শুকাই যাব পাৰে।

৩. এক গৱেষণাৰ তথ্য মতে, নিয়মিত ধুম্ৰপাণ বা মদ্যপাণ কৰিলে মুখৰ ভিতৰৰ লেলাউটিৰ উৎপাদন হ্ৰাস হয়। তাৰ বাবেও এই সমস্যাই দেখা দিব পাৰে।

৪. ডায়েবেটিছজনিত ৰোগত ভুগিলেও ডিঙি শুকাই যোৱা যেন অনুভৱ হয়। টোপনিৰ মাজতে মুখ শুকাই যায়, তেতিয়া তৎক্ষণাত চিকিৎসকৰ ওচৰ চাপিব লাগে। 

Category
Profile picture for user UB Photos