আকৌ এবাৰ হিংসাৰ জুই মণিপুৰত! ৩জনৰ মৃত্যু হোৱাৰ লগতে একাধিক লোক আহত......

manipur

পুনৰ উত্তপ্ত মণিপুৰ। এতিয়াও যেন শান্ত হোৱা নাই চুবুৰীয়া ৰাজ্য মণিপুৰ। আকৌ এবাৰ মণিপুৰৰ চুড়াচান্দপুৰত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনাৰ। আৰক্ষী থানাত উন্মুক্তৰ আক্ৰমণ। এই ঘটনাত ৩জনৰ মৃত্যু হোৱাৰ লগতে একাধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে।

উল্লেখ্য যে, চুড়াচান্দপুৰৰ SPৰ কাৰ্যালয়ত আক্ৰমণ। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই বিক্ষিপ্ত ঘটনাৰ। হেড কনিষ্টবলৰ নিলম্বনৰ পাছতে এই ঘটনা।

অভিযোগ অনুসৰি নিলম্বিত হেড কনিষ্টবলজনক মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ এটা ভিডিঅ’ত  অস্ত্ৰধাৰী যুৱকৰ দলৰ সৈতে দেখা গৈছিল। তাৰ পৰিপ্ৰেক্ষিতত চুড়াচান্দপুৰ জিলাৰ আৰক্ষী অধীক্ষকে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মুখ্য কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰিছিল। 

নিলম্বনৰ এঘণ্টা পাৰ নৌহওঁতেই এদল উন্মুক্ত অস্ত্ৰধাৰী লোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই ঘটনাত প্ৰায় ৩০গৰাকীতকৈও অধিক লোক আহত হয়।

Category
Profile picture for user UB Photos