বহু প্ৰতীক্ষাৰ অন্তত অসম বাজেট ২০২৪-২৫! কি কি আছে এইবাৰৰ বাজেটত?......

Assam Budget 2024

ইতিমধ্যেই বিধানসভাত দাখিল কৰা হৈছে ২০২৪-২৫ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে ২০২৪-২৫ বৰ্ষৰ বাজেট। সংস্কৃত শ্লোকেৰে আৰম্ভ কৰিলে বাজেটৰ ভাষণ।

বিগত ৯ বছৰত দৰিদ্ৰৰ বাবে যথেষ্ট চিন্তা কৰা হৈছে। অমৃত কালত নতুন অসম গঢ়াৰ লক্ষ্য চৰকাৰৰ। আমাৰ চৰকাৰৰ মূল মন্ত্ৰ ‘আত্মনিৰ্ভৰ অসম’। দেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তৰ চেষ্টা অসম চৰকাৰৰ। বিগত তিনি বছৰত ৰাজ্যত দ্ৰুত উন্নয়ন হৈছে। লগতে, আগন্তুক ২৫ বছৰত দেশত দ্ৰুত উন্নয়ন হৈছে।

ৰাষ্ট্ৰীয় বিকাশতকৈ অসমে দ্ৰুতভাৱে বিকাশ লাভ কৰিছে, ক’ভিডৰ প্ৰভাবৰ পিছতো আগবাঢ়িছে ৰাজ্যৰ অৰ্থনীতি, ৰাজ্যৰ সামাজিক-সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্য, এইবাৰৰ বাজেট আত্মবিশ্বাসী, আত্মনিৰ্ভৰ অসমৰ বাজেট।

২০১৫-১৬ৰ তুলনাত বৃদ্ধি পাইছে মূলধনী  ব্যয়, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ সফল সদব্যৱহাৰ, বৰ্তমান ৰাজ্যখনত ৩৭,৭০০ কোটি টকাৰ প্ৰকল্প নিৰ্মাণ চলি আছে, ৮টা বহিঃসাহায্যৰ প্ৰকল্পৰো কাম হাতত লোৱা হৈছে। মুঠ ৫৮ হাজাৰ ৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণাধীন প্ৰকল্পসমূহ।

কেন্দ্ৰৰ পৰা ৫০ বছৰৰ সুদবিহীন ঋণৰ দ্বাৰা উপকৃত অসম। বিগত ৪ বছৰত কেন্দ্ৰই মুকলি কৰি দিয়া পুঁজিৰ পৰিমাণ ১০গুণতকৈ অধিক বৃদ্ধি। অৰুণোদয় আঁচনি ডিজিটেল কৰাৰ পিছত ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন। ১ লাখ ৬৫ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন।

চলিত বাজেটক বাস্তৱসন্মত কৰাৰ ওপৰত গুৰুত্ব, সাধাৰণ ৰাইজে যাতে মুদ্ৰাস্ফীতি এৰাই চলিব পাৰে তাৰ ওপৰত গুৰুত্ব।বাজেটত আৱণ্টিত ধন সকলো বিভাগে সম্পূৰ্ণ ব্যৱহাৰ কৰাত গুৰুত্ব। ধ্বজাবাহী আঁচনিসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

Category
Profile picture for user UB Photos