মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব গুৱাহাটীত। প্ৰধানমন্ত্ৰীক আদৰিবলৈ ব্যাপক আয়োজন চৰকাৰ.........

modi

মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব গুৱাহাটীত। প্ৰধানমন্ত্ৰীক আদৰিবলৈ ব্যাপক আয়োজন চৰকাৰ তথা বিজেপিৰ। প্ৰধানমন্ত্ৰীৰ বাবে খানাপাৰাত ৰামমন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বৃহৎ মঞ্চ। 

মন্দিৰ সদৃশ বিশাল মঞ্চ খানাপাৰাত। প্ৰধানমন্ত্ৰীৰ বাবে ৰাম মন্দিৰ সদৃশ মঞ্চ নিৰ্মাণ বিজেপি চৰকাৰৰ। ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মিত বিশাল মঞ্চৰ পৰাই জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীক আদৰিবলৈ বিশেষ আয়োজন ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰক সহযোগ কৰিছে ৰাজ্যিক বিজেপিয়ে। উন্নয়নৰ টোপোলা লৈ অসমলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। কাইলৈ লোকসভাৰ ৰণশিঙা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মিত বিশাল মঞ্চৰ পৰাই জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইতিমধ্যে বিজেপিৰ মহিলা আৰু যুৱ মৰ্চাৰ উদ্যোগত প্ৰধানমন্ত্ৰীক আদৰিবলৈ ব্যাপক আয়োজন। ৰাজ্যৰ বিভিন্ন কেইবাহাজাৰ যুৱ মৰ্চাৰ সদস্য উপস্থিত হৈছে খানাপাৰাত। 

মহিলা মৰ্চাই লক্ষাধিক বন্তি প্ৰজ্বলনেৰে মন্দিৰ সদৃশ মঞ্চলৈ আদৰিব মহিলা মৰ্চাই। এনেদৰেই ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা বিশাল মঞ্চত কাইলৈ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব প্ৰধানমন্ত্ৰীয়ে।

Category