হিংসাত্মক আৰু ঘৃণামূলক ভাষণৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়..............

Supreme Court of India

দেশৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে মহাৰাষ্ট্ৰৰ হিন্দু জনজাগ্ৰুতি সমিতি আৰু ছত্তীছগড়ৰ বিজেপি নেতা টি ৰাজ সিং ৰ দ্বাৰা হ’বলগীয়া ৰাজহুৱা অনুষ্ঠানৰ বিৰুদ্ধে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে সমদল আৰু ৰাজহুৱা অনুষ্ঠান সমূহৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰা হৈছে যত অভিযোগ উত্থাপন হৈছে যে এই নেতা সকলে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত দিয়া সকলো ভাষণত মুচলমানসকলৰ বিৰুদ্ধে হিংসাত্মক আৰু তীক্ষ্ণ ঘৃণামূলক বক্তব্য ৰাখে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জিলা দণ্ডাধিশ আৰু আৰক্ষী অধীক্ষকক অভিযোগ গ্ৰহণ কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত অপৰাধীক চিনাক্ত কৰিবলৈ ৰেকৰ্ডিংৰ সুবিধাৰ সৈতে CCTV স্থাপন কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।
শুনানিৰ সময়ত অধিবক্তা কপিল চিবালে যুক্তি দিছিল যে, আগন্তক ৰেলীবোৰত সম্বোধন কৰিবলগীয়া প্ৰত্যেক ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন হৈছে। 

অৱশ্যে আদালতে আগতীয়া পদক্ষেপ ল’ব নোৱাৰে কিন্তু যদি কোনো হিংসাত্মক তথা ঘৃণামূলক ভাষণ প্ৰদান কৰে তেন্তে চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।

Category
Profile picture for user UB Photos