ঐতিহাসিক ক্ষণলৈ মাজত মাত্ৰ ১০ দিন! সমগ্ৰ অযোধ্যা চহৰ বৰ্তমান CCTVৰ নিৰীক্ষণত, কি কি নিৰাপত্তা কৰা হৈছে? জানো আহক..........

ram mandir

ঐতিহাসিক ক্ষণলৈ অপেক্ষা দেশবাসীৰ। মাজত মাত্ৰ ১০ দিন। অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ বাবে বৃদ্ধি পাইছে অধিক তৎপৰতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিদেশী অতিথিসহ দেশৰ বিশিষ্ট অতিথিসকলৰ উপস্থিতিত অহা ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’বলগীয়া ৰাম মন্দিৰৰ মুকলি সুকলমে সমাপণ কৰিব পৰাৰ বাবে গঢ়ি তোলা হৈছে অভেদ্য নিৰাপত্তা বেহু। 

সমগ্ৰ অযোধ্যা চহৰখনেই এতিয়া CCTVৰ নিৰীক্ষণত ৰখা হৈছে। ১০,৭১৫টা চিচিটিভি সংস্থাপন কৰাৰ লগতে ভাগে ভাগে নিৰাপত্তা বাহিনীৰ গোট মোতায়েন কৰা হৈছে। সমগ্ৰ চহৰখন সুক্ষ্ম নিৰীক্ষণ কৰাৰ বাবে ITMS স্থাপন কৰা হৈছে। আকাশমাৰ্গৰ পৰা চলালে সেই আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ড্ৰোনবিধ্বংসী ব্যৱস্থা মোতায়েন কৰা হৈছে। 

উত্তৰ প্ৰদেশৰ বিশেষ নিৰাপত্তা বাহিনীয়ে পৰিচালিত কৰিব ড্ৰোন বিধ্বংসী ব্যৱস্থা। ইয়াৰ উপৰিও জৰুৰীকালীন ব্যৱস্থা অধিক সবলীকৰণৰ লক্ষ্যৰে NDRF, SDRF দল মোতায়েন। ইফালে চাৰিখন ক্ৰুইজ জলভাগত অহৰহ পহৰা দিয়াৰ বাবে নিয়োগ কৰা হৈছে নিৰাপত্তা বাহিনীক। অযোধ্যা ৰে’ল ষ্টেচনটো বৃদ্ধি কৰা হৈছে নিৰাপত্তা। আনহাতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ১০খন বিছনাযুক্ত প্ৰাথমিক চিকিৎসালয় গঢ়ি তোলা হৈছে।

Category
Profile picture for user UB Photos