ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰ বিচাৰিছে IPS আনন্দ মিশ্ৰই! কি কাৰণত এই সিদ্ধান্ত বিষয়াগৰাকীৰ?..........

IPS

এইবাৰ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰ বিচাৰিছে IPS আনন্দ মিশ্ৰই। আৰক্ষী সঞ্চালকপ্ৰধানৰ জৰিয়তে মুখ্য সচিবলৈ পত্ৰ লিখিছে আনন্দ মিশ্ৰই। বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে আনন্দ মিশ্ৰ।

উল্লেখ্য যে,  ২০২৪ চনৰ ১৬ জানুৱাৰীৰ পৰা অৱসৰ বিচাৰি আবেদন পত্ৰ আনন্দ মিশ্ৰৰ। DGPৰ জৰিয়তে মুখ্য সচিবলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ।  ব্যক্তিগত আৰু সামাজিক কামৰ বাবে অব্যাহতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে। সেয়েহে এই সিদ্ধান্ত IPS আনন্দ মিশ্ৰৰ।

আনহাতে, ২০১১ বেটছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াগৰাকীক শেহতীয়াকৈ মণিপুৰৰ ঘটনাৰ তদন্তৰ দায়িত্বও দিয়া হৈছিল। মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠিত SITl নাম আছিল আনন্দ মিশ্ৰৰ।

চাকৰিৰ পৰা অৱসৰ লৈ ৰাজনীতিত নামিব নেকি আনন্দ মিশ্ৰ! কিয়নো শেহতীয়াকৈ বিষয়াগৰাকীয়ে বিহাৰৰ পৰা ৰাজনীতিত নামিব বুলি তীব্ৰ চৰ্চা চলিছিল। সেয়েহে বৰ্তমান বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্ন উথ্থাপন হৈছে।

Category
Profile picture for user UB Photos