অহা ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব ৰাম জন্মভূমি অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰৰ। উদ্ধোধনৰ বাবে ইতিমধ্যেই বিশাল আয়োজন কৰা হৈছে। তাৰ মাজতে ভক্তসকললৈ ভাৰতীয় ৰে’লৱে বিভাগে দিছে এক সুখবৰ।
উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেই ভক্তসকলৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১,০০০ তকৈও অধিক বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে। এই ৰে’লসমূহ ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু মন্দিৰৰ বিশাল উদ্বোধনৰ পিছত পৰৱৰ্তী ১০০ দিনলৈ এই ৰে’লসমূহ চলিব যাতে ভক্তসকলে পবিত্ৰ চহৰখন ভ্ৰমণ কৰিব পাৰে।
এই বিশেষ ৰে’লসমূহ তীৰ্থযাত্ৰীসকলৰ বাবে দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, পুনে, কলকাতা, নাগপুৰ, লক্ষ্ণৌ আৰু জম্মুকে ধৰি মুখ্য চহৰসমূহৰ পৰা অযোধ্যালৈ চলিব। ইয়াৰোপৰিও, বিশেষ ৰে’লৰ উপৰিও ৰে’লৱেৰ কেটাৰিং আৰু টিকেটিং বিভাগেও এই ১০-১৫ দিনৰ উদ্বোধনৰ সময়ত তীৰ্থযাত্ৰীসকলৰ বাবে ২৪ ঘণ্টা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰি আছে।
জানিব পৰা মতে, অযোধ্যা ৰে’ল ষ্টেচনে এতিয়া প্ৰায় ৫০,০০০ লোকৰ দৈনিক চলাচল চম্ভালিবলৈ প্ৰস্তুত হৈছে। অহা ১৫ জানুৱাৰীৰ ভিতৰত এই ব্যৱস্থাবোৰ সম্পূৰ্ণৰূপে সাজু হ’ব। ভগৱান শ্ৰী ৰামৰ মূৰ্তি ৰখাৰ এদিন পিছত অৰ্থাৎ ২৩ জানুৱাৰীৰ পৰা মন্দিৰটো ৰাইজৰ বাবে মুকলি কৰা হ’ব।
- Log in to post comments