প্ৰসংগঃ APSC কেলেংকাৰী
১৮ ডিচেম্বৰত তলৱ আৰু দুজনক
SITয়ে তলৱ কৰিছে দুই APS বিষয়াক
স্বৰূপ ভট্টাচাৰ্য, ৰুমীৰ তিমুংপীক তলৱ
ৰুমিৰ তিমুংপী DGP কাৰ্যালয়ত কৰ্মৰত
APSCৰ মূল পৰীক্ষাত অনুত্তীৰ্ণ আছিল ৰুমীৰ
তৎস্বত্তেও লাভ কৰিছিল ৰাজপত্ৰিত বিষয়াৰ চাকৰি
স্বৰূপ ভট্টাচাৰ্য ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত উত্তীৰ্ণ
APSৰ তালিকাত লাভ কৰিছিল প্ৰথম স্থান
সাক্ষাতকাৰত ২০০ৰ ভিতৰত পাইছিল ১৯০ নম্বৰ
উল্লেখ্য যে, প্ৰথম স্থানত বাছনি লাভ কৰিও স্বৰূপ ভট্টাচাৰ্যই ২০১৩ বৰ্ষত যোগদান কৰা নাছিল চাকৰিত। জালিয়তি ধৰা পৰাৰ আশংকাতে চাকৰিত যোগদান কৰা নাছিল বুলি প্ৰকাশ এটা সূত্ৰত। স্বৰূপ ভট্টাচাৰ্য আৰু ৰুমীৰ তিমুংপীক ১৮ ডিচেম্বৰত SITৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে ব্যক্তিগত কাৰণ দেখুৱাই অন্য এটা দিন বিচাৰিছে ভট্টাচাৰ্যই।
- Log in to post comments