প্ৰসংগঃ যোৰহাটৰ ১৫০ কোটি টকীয়া ভূমি কেলেংকাৰী! মাটিৰ দালালৰ মানসিক নিৰ্যাতনত মৃত্যু যুৱকৰ........

land issue

প্ৰসংগঃ যোৰহাটৰ ১৫০ কোটি টকীয়া ভূমি কেলেংকাৰী 
মাটিৰ দালালৰ মানসিক নিৰ্যাতনত মৃত্যু যুৱকৰ
মৃত্যু নাওশলিয়া গাঁৱৰ যুৱক নিৰঞ্জন বৰাৰ
ৰৰৈয়া বিমানকোঠৰ অধিগ্ৰহণ কৰা ভূমিকলৈ কৰিছিল RTI
পোহৰলৈ আহিছিল ১৫০ কোটি টকীয়া ভূমি কেলেংকাৰীৰ তথ্য
RTIৰ পিছত মানসিক হেঁচা আহিছিল নিৰঞ্জন বৰাৰ ওপৰত
নিৰঞ্জন বৰাৰ মৃত্যুকলৈ সৃষ্টি ৰহস্যৰ

উল্লেখ্য যে, পথৰ ভূমি কেলেংকাৰী উদ্ঘাটনৰ বাবে দীৰ্ঘ দিন ধৰি ধৰি যুঁজি আহিছিল নিৰঞ্জন বৰাই । যোৰহাটৰ AT ৰোড আৰু  ৰৰৈয়া সংযোগী পথৰ ভূমি অধিগ্ৰহণৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী। প্ৰাপ্য ধন নোপোৱাৰ ফলত RTI যোগে বিচাৰিছিল ভূমি অধিগ্ৰহণ আৰু অবন্তিত ধনৰ তথ্য। লাট মণ্ডল আৰু শিক্ষকৰূপী  দালালে চলাইছিল বৃহৎ লুণ্ঠন। 

মঙ্গলবাৰে সংবাদ মাধ্যমৰ ওচৰত অভিযোগ দি থকা সময়তেই অসুস্থ হৈ ঢলি পৰে নিৰঞ্জন বৰা। যুৱকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আৰু শেষত আজি নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে নিৰঞ্জনে।

Category
Profile picture for user UB Photos