সোণেৰে ভৰি পৰিল মঙলদৈ আৰক্ষী চকী! প্ৰায় ২৫ তোলা সোনসহ ৪ জনক আটক...........

MANGALDOI

দৰং আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীক চেলেঞ্জ কৰি দীৰ্ঘদিনে সংঘটিত কৰা চুৰিকাণ্ডৰ চোৰ আটক ৷ এতিয়া যেন সোণেৰে ভৰি পৰিল মঙলদৈ আৰক্ষী চকী। উদ্ধাৰ কৰা হ'ল বৃহৎ পৰিমাণৰ চুৰি সোণ। মঙলদৈ নিকটৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাসৰ ঘৰত কিছুদিন পুৰ্বে চুৰি হৈছিল সোণ।

লগতে, জিলাখনৰ বিভিন্ন এলেকাৰ পৰা লুটি নিছিল চোৰে আ-অলংকাৰসহ নগদ ধন ৷ তাৰ পাছতে থানুৰাম দাসৰ এজাহাৰৰ ভিত্তিতেই মঙলদৈ আৰক্ষীয়ে আটক কৰে ৪জনকৈ চোৰক। এই চোৰ কেইজনৰ ভিতৰত দৰঙৰ সোণ চোৰ জয়নাল আৰু কানাই চৌহানক আটক কৰে আৰক্ষীয়ে। 

জানিব পৰামতে জয়নাল আৰু কানাইয়ে প্ৰায় ২৫ তোলা সোণ চুৰি কৰি খাৰুপেটিয়াৰ ইন্দ্ৰানী জুয়েলাৰ্চত বিক্ৰী কৰিছিল।

সেই সূত্ৰে ইন্দ্ৰানী জুয়েলাৰ্চৰ স্বত্বাধিকাৰী বিষ্ণু সূত্ৰধাৰক আটক কৰে মঙলদৈ আৰক্ষীয়ে। আনহাতে জুয়েলাৰ্চৰ লগত জড়িত শিৱানী কৰ্মকাৰকো আটক কৰে। দৰং আৰক্ষীৰ তদন্ত অব্যাহত আছে দৰঙত সংঘটিত হৈ থকা চুৰিকাণ্ড সমুহৰ ৷

Category
Profile picture for user UB Photos