এক শিহৰণকাৰী ঘটনা! ২০ ফুট দ’ বৰৱেলত সোমাল এটি নৱজাতক, ৮ ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰ শিশুটি.........

RESCUE

এক শিহৰণকাৰী ঘটনাই কপাঁই তুলিছে সমগ্ৰ দেশবাসীক। প্ৰায় ২০ ফুট দ’ বৰৱেলত সোমাই পৰিল এটি নৱজাতক। ৮ ঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত মৃত্যু গহ্বৰৰ পৰা সুকলমে উদ্ধাৰ কৰা হ’ল এটি নৱজাতকক। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে ওড়িশ্যাৰ সম্বলপুৰ জিলাৰ ৰেংগালীৰ লাৰিপালি গাঁৱত।

উল্লেখ্য যে, প্ৰায় ২০ ফুট দ’ বৰৱেলৰ পৰা ৮ ঘণ্টীয়া অভিযানৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় কন্যা শিশুটিক। ওড়িশ্যাৰ সম্বলপুৰ জিলাৰ ৰেংগালীৰ লাৰিপালি গাঁৱৰ সমীপৰে এখন হাবিত পৰিত্যক্ত অৱস্থাত থকা বৰৱেলত সোমাইছিল এটি শিশু। 

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ভাগত প্ৰায় ১ বজাত একাংশ স্থানীয় লোকে বৰৱেলৰ ভিতৰৰ পৰা কেঁচুৱাৰ কান্দোন শুনিবলৈ পাইছিল। লগে লগে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, SDRF, NDRFৰ লগতে অগ্নিনিৰ্বাপক বাহিনী। 

প্ৰায় ২ বজাৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হয়। লগতে উদ্ধাৰকাৰী দলটোৱে পাইপ যোগে অক্সিজেন যোগান ধৰিছিল শিশুটিক। প্ৰায় ৮ ঘণ্টীয়া শ্বাসৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নৱজাতকটিক।

উল্লেখযোগ্য যে, উদ্ধাৰ কাৰ্যত প্ৰায় ২০ জনকৈ লোক জড়িত হৈছিল। তিনিখন এক্সকেভেটৰ ব্যৱহাৰ কৰি গাঁত খন্দাৰ লগতে হাতেৰে মাটি খন্দা হৈছিল। শিশুটিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অভিযানৰ সময়ত ব’ৰৱেলৰ ভিতৰত অক্সিজেন যোগান ধৰা হৈছিল আৰু গৰম কৰি ৰাখিবলৈ বাল্ব জ্বলাই দিয়া হৈছিল। নৱজাতক শিশুটিক নিৰাপদে উদ্ধাৰৰ পিছতে সন্তুষ্টি প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে।

Category