অসমবাসীয়ে পাহৰিব নোৱাৰা ‘কা’ বিৰোধী আন্দোলনৰ চাৰিটা বছৰ সম্পূৰ্ণ...........

CAA

আজি চাৰিটা বছৰ সম্পূৰ্ণ হ'ল  ‘কা’ বিৰোধী আন্দোলনৰ। এয়া অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰা এক যন্ত্ৰণা। চাৰি বছৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনৰ বাবে ওলাই আহিছিল ছাত্ৰ সমাজৰ লগতে সৰ্বস্তৰৰ লোক। 

উল্লেখ্য যে, ‘কা’ বাতিলৰ দাবীত আন্দোলনৰ বাবে ওলাই আহিছিল সমগ্ৰ অসমবাসী। বিজেপি চৰকাৰে অসমবাসীক অন্ধকাৰত ৰাখি সংসদত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। তাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছিল সমগ্ৰ অসম।

তাৰ পাছতে গুৱাহাটী মহানগৰীত ছাত্ৰ সমাজে আৰম্ভ কৰা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। অচল হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসম। ৰাজপথৰ লগতে গুৱাহাটীৰ লতাশিল খেলপথাৰতো হৈছিল বৃহৎ গণ সমাৱেশ। 

এই আন্দোলনতে শ্বহীদ হৈছিল ১৭ বছৰীয়া ছাত্ৰ ছেম ষ্টেফ’ৰ্ডৰ লগতে আন চাৰিজন যুৱক। শ্বহীদ হৈছিল ছেম ষ্টেফ’ৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিং।

Category
Profile picture for user UB Photos