নাগিৰকত্ব আইন ১৯৫৫ৰ কিমানসংখ্যক অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগিৰকত্ব প্ৰদান কৰা হ’ল তাৰ তথ্য আদালতত দাখিল কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰক.........

court

চৰকাৰক। নাগিৰকত্ব আইন ১৯৫৫ৰ ৬(ক) অধ্যায়ৰ সাংবিধানিক বৈধতা নিৰূপণৰ বাবে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত চলি থকা শুনানিৰ সময়তে এই নিৰ্দেশ জাৰি কৰে বিচাৰপীঠে। 

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫জনীয়া সাংবিধানিক বিচাৰপীঠে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰি ভাৰতৰ ভূখণ্ডৰ ভিতৰত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চললৈ হৈ থকা অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে তাৰো খতিয়ান দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে।

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰ পৰা বাংলাদেশৰ পৰা কিমান অনুপ্ৰৱেশ হৈছে সেই তথ্যও দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়। তদুপৰি যি সময়ত পশ্চিমবংগৰো এক বিস্তীৰ্ণ অঞ্চল বাংলাদেশৰ সীমাত অৱস্থিত, তেনেস্থলত ৬ (ক) অধ্যায়টোত কেৱল অসমকহে কিয় নিৰ্দিষ্টকৈ উল্লেখ কৰা হ’ল সেই বিষয়েও সৱিশেষ জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ জাৰি কৰা হয়।

উল্লেখনীয় যে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ৱ নে ১৯৭১ হ’ব এই লৈ সাংবিধানিক বিচাৰপীঠত চলি আছে। দেশৰ বহুকেইজন আগশাৰীৰ অধিবক্তা, আইনজ্ঞই বিষয়টোৰ সপক্ষে-বিপক্ষে যুক্তি প্ৰদৰ্শন কৰি আছে। এনে এক সময়তে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে অসম ১৮২৬ চনৰ পিছতহে ভাৰতৰ অংগ হোৱা বুলি কৰা মন্তব্যক লৈ বিতৰ্কৰো সৃষ্টি হৈছে। 

Category
Profile picture for user UB Photos