আগন্তুক দুদিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! কিনকিনিয়া বৰষুণৰ লগতে বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ...............

Winter

পলমকৈ হ'লেও জাৰৰ অনুভৱ কৰিছে গুৱাহাটীবাসীয়ে। জাৰৰ মাজতে নেৰানেপেৰা কিনকিনিয়া বৰষুণে গুৱাহাটীকে ধৰি সমগ্ৰ অসমত শীতৰ প্ৰকোপ বৃদ্ধি কৰিছে। 

বৃহস্পতিবাৰ পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত সমগ্ৰ অসমতে জাৰৰ প্ৰকোপ বৃদ্ধি পাইছে। আজিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা কমিছে ১৭ ডিগ্ৰীলৈকে। আৰু সৰ্বোচ্চ তামমাত্ৰা হৈছে ২৭ ডিগ্ৰী লৈ। নিশাৰ ভাগলৈ তাপমান ১৫ ডিগ্ৰীলৈ নমাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে, আজি আৰু কাইলৈ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণ আহিব। আগন্তুক ১০, ১১, ১২ আৰু ১৩ ডিচেম্বৰলৈ গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থাকিব।

উল্লেখ্য যে, গুৱাহাটীত প্ৰতি ঘণ্টাত ১০ কিলোমিটাৰ বেগত বতাহ বলি আছে । যাৰ ফলতো শীতৰ প্ৰকোপ বাঢ়িছে। আজি উজনি অসমৰ বিভিন্ন স্থানত বৰষুণ আহিছে। নামনি অসমৰো কেইবাখনো জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে। 

১০ ডিচেম্বৰলৈ অসমৰ বিভিন্ন অঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা আছে যাৰ ফলত জাৰৰ প্ৰকোপ বাঢ়িব পাৰে। আগন্তুক দুদিনমান বিভিন্ন ঠাইত ঘন কুঁৱলী পৰাৰো আশংকা আছে। 

Category
Profile picture for user UB Photos