দীপৰ বিলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ! দীপৰ বিলৰ পৰিৱেশক স্পৰ্শকাতৰ এলেকা ঘোষণাৰ নিৰ্দেশ..........

deepor bil

দীপৰ বিলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। দীপৰ বিলক পৰিৱেশ স্পৰ্শকাতৰ এলেকা ঘোষণাৰ নিৰ্দেশ। অহা ১৮ জানুৱাৰীৰ ভিতৰত নিৰ্দেশনা কাৰ্যকৰী কৰাৰ আহ্বান চৰকাৰক। ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ আদালতৰ নিৰ্দেশ।

১৮ জানুৱাৰীত হ’ব বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি। তাৰ পূৰ্বে নিৰ্দেশনা কাৰ্যকৰী নহ’লে দাখিল কৰিব লাগিব শপতনামা। সংশ্লিষ্ট সচিবে জনাব লাগিব কিয় কাৰ্যকৰী হোৱা নাই নিৰ্দেশনা। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জলসম্পদ বিভাগকো শপতনামা দাখিলৰ নিৰ্দেশ। 

উল্লেখনীয় যে, আদালতৰ ওচৰত বন বিভাগৰ চৰকাৰী অধিবক্তা কে পি পাঠকে যোৱা ২৩ নৱেম্বৰত দাখিল কৰা এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যক পৰিৱেশ স্পৰ্শকাতৰ এলেকা হিচাপে ঘোষণা কৰিবৰ বাবে ১৬ নৱেম্বৰৰ কেবিনেট মিটিঙত আলোচনাৰ বিষয় হিচাপে ৰখা হৈছিল। 

ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত কিছু সাল–সলনি কৰাৰ পোষকতা কৰে যাৰ পৰিণতিত এইপৰ্যন্ত দীপৰ বিলক ইক’ চেনচিটিভ জ’ন হিচাপে ঘোষণা কৰাত বিলম্ব হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থিতিৰ পিছত এতিয়া শীঘ্ৰেই দীপৰ বিল পৰিৱেশ স্পৰ্শকাতৰ এলেকালৈ পৰিৱৰ্তন হোৱাৰ পথ প্ৰশস্ত হ’ল।

Category
Profile picture for user UB Photos