বিশ্বৰ আটাইতকৈ ধুনীয়া গছজোপাৰ বিষয়ে জানেনে? এই গছজোপা কিমান বছৰ পুৰণি, ইয়াৰ বিশেষত্ব কি? জানো আহক.......

ginkgo tree

আজি আমি ক'ব লৈ লৈছো বিশ্বৰ আটাইতকৈ ধুনীয়া গছজোপাৰ কথা। ৱয়ংজু বাংগি-ৰি জিংকগো গছজোপাই ইয়াৰ চাৰিওফালে সোণালী এক পোহৰ বিলাইছে। মূল শৰীৰৰ পৰা গছজোপা চাৰিওফালৰ ১৭ মিটাৰ এলেকা বিয়পি আছে। এই গছজোপা ৮০০ বছৰ পুৰণি বুলি কোৱা হয়। 

দক্ষিণ কোৰিয়াৰ বিভিন্ন তথ্য মতে, ই এক ৰাষ্ট্ৰীয় কীর্তিচিহ্ন আৰু দেশৰ ভিতৰতে সর্বাধিক দর্শনীয় অন্যতম স্থান। গছজোপাৰ ডালপাতবোৰ যিদৰে মেলিছে, তাতেই ভাৱ হয় পৃথিৱীত চাবলগীয়া যিবোৰ গছ আছে ই তাৰ অন্যতম। 

ginkgo tree

ছ'চিয়েল মিডিয়াত বহুতে গছজোপাক 'বিশ্বৰ আটাইতকৈ ধুনীয়া গছ' বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত এই গছ আছে।

বিজ্ঞানীসকলে দশক দশক ধৰি জিংকগো গছৰ ওপৰত গৱেষণা কৰি আহিছে। এই ধৰণৰ গছ কেনেকৈ বাঢ়ে সেই কথা জানিবলৈ চেষ্টা কৰি আছে। 

জিংকগো হৈছে পূব এছিয়াৰ স্থানীয় জিমনোস্পার্ম জাতীয় গছ। এই প্ৰজাতিৰ গছ প্রথম ২৯ কোটি বছৰ আগতে পোৱা গৈছিল। এইটোরেই জিংকগো গছৰ শেষ বর্তি থকা প্রজাতি।

Category