ঘূৰ্ণীবতাহ মিছৌঙ! চেন্নাই, চুবুৰীয়া জিলাসমূহত ধাৰাসাৰ বৰষুণৰ ফলত মৃত্যু ৫ জনৰ..........

chennai

সামুদ্ৰিক ঘূৰ্ণি মিছৌঙে লৈছে গুৰুতৰ ৰূপ
মুষলধাৰ বৰষুণত ডুব গৈছে দক্ষিণৰ উপকুলীয় অঞ্চল
চেন্নাইৰ ভয়ংকৰ বানত এইপৰ্যন্ত মৃত্যু ৫জনৰ
আজি অধিক ভয়ংকৰ ৰূপ ল’ব মিছৌঙে
আজি দুপৰীয়াৰ ভাগত খুন্দা মাৰিব ভূখণ্ডত
অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চলত খুন্দিয়াব মিছৌঙে

সাগৰপৃষ্ঠত ১২ কি.মি. প্ৰতিঘণ্টাত বৈ আছে এই ঘূৰ্ণি
ভূখণ্ড স্পৰ্শ কৰিলেই বিধ্বংসী হৈ উঠিব ঘূৰ্ণিজাক
প্ৰতিঘণ্টাত ১১০ কি.মি. পৰ্যন্ত বেগত বলিব মিছৌং
লগতে আহিব মুষলধাৰ বৰষুণ, বিজুলী-ঢেৰেকনি
মিছৌঙক লৈ ৰেড এলাৰ্ট অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানাত
অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ওড়িশাত

উল্লেখ্য যে, মিছৌঙৰ ফলত ইতিমধ্যেই হাহাকাৰৰ সৃষ্টি হৈছে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰীৰ উপকুলীয় অঞ্চলত। প্ৰলয়ংকৰী বানত ডুব গৈছে চেন্নাই, চেংগালপাট্টু, কাঞ্চিপুৰম, নাগাপাট্টিনম আৰু কাডাৰো আদি জিলাৰ বিস্তীৰ্ণ অঞ্চল। ইতিমধ্যে শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয় আদি বন্ধ ৰখা হৈছে তামিলনাডুৰ কেইবাখনো জিলাত। 

আজি দুপৰীয়াৰ ভাগলৈ অন্ধ্ৰপ্ৰদেশৰ ভূখণ্ডত খুন্দা মাৰিবলগীয়া ঘূৰ্ণিজাকৰ পৰা ধনজনৰ হানি হ্ৰাস কৰিবলৈ ইতিমধ্যেই প্ৰশাসনে লৈছে প্ৰতিৰোধ ব্যৱস্থা। সাগৰলৈ মাছমৰীয়াৰ জাহাজ আদি যোৱাটো ইতিমধ্যে বন্ধ কৰা হৈছে। 

লগতে উপকুলীয় অঞ্চলৰ স্পৰ্শকাতৰ এলেকাৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযান আৰু সাহায্য অভিযানত নামি পৰিছে ভাৰতীয় সেনা। ১২ মাদ্ৰাছ ৰেজিমেণ্টৰ শতাধিক জোৱান নামি পৰিছে উদ্ধাৰ অভিযানত।
 

Category
Profile picture for user UB Photos