আৰক্ষীৰ সফলতা! অৱশেষত উদ্ধাৰ শিলচৰৰ শিলৰ কুৱেৰীৰ পৰা অপহৃত ৩জন.........

kidnapping

উদ্ধাৰ হ’ল শিলচৰৰ শিলৰ কুৱেৰীৰ পৰা অপহৃত ৩জন
সোমবাৰে পুৱতি নিশা ডিমা হাচাওৰ সীমান্তৰ জংঘলত উদ্ধাৰ
অক্ষত অৱস্থাত উদ্ধাৰ ৰাজু তান্তি, অমিত ওৰাং আৰু বিশ্ব ধৰ
শনিবাৰে পুৱা কাছাৰৰ আইনাচড়াৰ পৰা অপহৃত হৈছিল তিনিও
দুৰ্বৃত্তৰ দলে শূন্যলৈ গুলীচালনা কৰি অপহৰণ কৰিছিল তিনিওকে
ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল জিলাখনত
অপহৰণৰ প্ৰায় ৪৫ ঘণ্টাৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিওকে

উল্লেখ, শনিবাৰে পুৱাৰ ভাগত কাছাৰ ডিমাহাচাও সীমান্তবৰ্তী কাছাৰৰ আয়নাছড়া শিলৰ কুৱেৰীৰ পৰা অস্ত্ৰধাৰী এটা দুৰ্বৃত্তৰ দলে শূন্যলৈ কেইবা ৰাউণ্ড গুলীচালনা কৰি কুৱেৰিৰ কামত নিয়োজিত দুই JCB চালক আৰু এজন ডাম্পাৰ চালকক অপহৰণ কৰি ঘন জংঘলৰ পিনে লৈ যায়। চাঞ্চল্যকৰ এই অপহৰণ কাণ্ডৰ পাছত তিনি অপহৃতৰ সন্ধানত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত অভিযানত নামিছিল আৰক্ষী, চিআৰপিএফসহ আসাম ৰাইফলছৰ দল। 

অপহৃত তিনি চালকৰ সন্ধানত অভিযানকাৰী দলে সীমান্তৰ ঘন জঙ্ঘলত ইমুৰৰ পৰা সিমুৰলৈ চলাইছিল তীব্ৰ অভিযান। অবশেষত প্ৰায় ৪৫ ঘণ্টাৰ অন্তত আজি পুৱতি নিশা কাছাৰ ডিমাহাচাও সীমান্তবৰ্তী ঘন জংঘলৰ পৰা অপহৃত তিনি চালকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। অৱশ্যে কৰায়ত্ত কৰিব পৰা নাই অপহৰণকাৰীসকলক। ইপিনে কোনে কি কাৰণত এই অপহৰণ কাণ্ডটো সংঘটিত কৰিলে সেয়া এতিয়াও সদৰি কৰা নাই আৰক্ষীয়ে ৷ 
 

Category
Profile picture for user UB Photos