ভাৰতবাসী লৈ সুখবৰ! এতিয়াৰে পৰা ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব বিভিন্ন দেশ; কি কি দেশত ভিচা অবিহনে ভ্ৰমণ কৰিব পাৰিব? জানো আহক......

visa

ভাৰতীয় সকল লৈ সুখবৰ! এতিয়াৰে পৰা ভাৰতীয় সকলে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব মালেছিয়া। মালেছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে জনোৱা মতে, মালেছিয়াই ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, চীন আৰু ভাৰতৰ নাগৰিকসকলে ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি ৩০ দিনৰ বাবে ভিচা নোহোৱাকৈ মালেছিয়া ভ্ৰমণ কৰিব পাৰিব। দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে।

চীন আৰু ভাৰত হৈছে মালয়েছিয়াৰ ক্ৰমান্বয়ে চতুৰ্থ আৰু পঞ্চম সৰ্ববৃহৎ বজাৰ। চৰকাৰী তথ্য অনুসৰি, মালয়েছিয়াত এই বছৰ জানুৱাৰী আৰু জুনৰ ভিতৰত ৯.১৬ মিলিয়ন পৰ্যটকৰ আগমন হৈছে। ইয়াৰ ভিতৰত চীন পৰা ৪৯৮৫৪০ আৰু ভাৰতৰ পৰা ২৮২৮৮৫ গৰাকী।

ইয়াৰ পূৰ্বে থাইলেণ্ডে ভাৰতৰ বাবে ভিছা ফ্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিভিন্ন সময়ত দেশ সমূহে নিজৰ দেশৰ অৰ্থনীতিৰ প্ৰতি লক্ষ্য কৰি এনে পদক্ষেপ গ্ৰহণ কৰা দেখা যায়।

Category
Profile picture for user UB Photos