APSC কেলেংকাৰি! বক্ৰপথৰে চাকৰি লোৱা ২ বিষয়াক গ্ৰেপ্তাৰ SITৰ..........

APSC

APSC কেলেংকাৰিত জড়িত ২ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা SITএ গ্ৰেপ্তাৰ কৰে ২ ৰাজপত্ৰিত বিষয়াক। শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, শ্বাহজাহান সৰকাৰ যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ঐশ্বৰ্য জীৱন বৰুৱা ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বুলি জানিব পৰা গৈছে। ২০১৩ বৰ্ষত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অতিৰিক্ত আৰক্ষী অধীক্ষক।

আনহাতে, আটক ৩২গৰাকী ৰাজপত্ৰিত বিষয়াক। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত আছিল ৩৪ বিষয়াৰ নাম। সেই নাম সমূহ হৈছে - ধ্রুবজ্যোতি হাতীবৰুবা (এ চি এছ), ত্রিদিব ৰয় (এ চি এছ), আকাশী দুৱৰা (এ চি এছ), বিক্রমাদিত্য বৰা (এ চি এছ), ধীৰাজ কুমাৰ জৈন (এ চি এছ), দীপাংকৰ দত্ত লহকৰ (এপি এছ), নবনীতা শৰ্মা (এ পি এছ), কল্যাণ কুমাৰ দাস (এ পি এছ), ফাৰুক আহমেদ (এ পি এছ), কুলপ্রদীপ ভট্টাচার্য (এ পি এছ), নীলাঞ্জল গগৈ (এ পি এছ), নিতুমণি দাস (এ পি এছ), পুষ্কল গগৈ (এ পি এছ), সুকন্যা দাস (এ পি এছ), কর্মী টিমুংপি (এ পি এছ), অমিত ৰাজ চৌধুৰী (এ পি এছ), অসীমা কলিতা (এ পি এছ) ১৮) ৰাকেশ দাস (এ পি এছ)।

আনহাতে, ছাহজাহান সৰকাৰ (এ.পি এছ), অনলজ্যোতি দাস (এ পি এছ), ঋতুৰাজ দলে (এ পি এছ), জগদীশ ব্রহ্ম (এ পি এছ), হিতেশ মজুমদাৰ (এ পি এছ), ঐশ্বর্য জীৱন বৰুৱা (এ পি এছ), সৌৰভ কুমাৰ ভট্টাচাৰ্য (এ.পি এছ), নন্দিনী কাকতি (এ পি এছ), নন্দিতা হাজৰিকা (এ পি এছ), সৌৰভপ্ৰাণ শৰ্মা (আবকাৰী পৰিদৰ্শক), বৰকিৰি টেৰাং (কৰ পৰিদৰ্শক), জয়ন্ত দলে (কৰ পৰিদৰ্শক), প্রিয়ংকা ডেকা (কৰ পৰিদৰ্শক), বিকাশ শৰ্মা (সহকাৰী সমবায় পঞ্জীয়ক), চক্ৰধৰ ডেকা (সহকাৰী সমবায় পঞ্জীয়ক), গীতাৰ্থ বৰুৱা (সহকাৰী নিয়োগ বিষয়া)।

বৰ্তমান উলুবাৰী অনুসন্ধান শাখাত জেৰা অব্যাহত শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ বিৰুদ্ধে। উপযুক্ত তথ্য-প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ হ’ব আন বিষয়া।IPS প্ৰতীক থুবেৰ নেতৃত্বত SITৰ এই অভিযান।

Category
Profile picture for user UB Photos