আপোনাৰ ঘৰতো নিশ্চয় পৰুৱা ওলায়! আজি জানো আহক ঘৰত পৰুৱা যদি ওলোৱাটো শুভ নে অশুভ.......

Ants

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত কিছুমান জীৱৰ প্ৰৱেশ কৰাটো শুভ বুলি ধৰা হয়। আনহাতে কিছুমান প্ৰাণীক অশুভ বুলি গণ্য কৰা হয়। জীৱনত সুখ, সমৃদ্ধি, ধন-সম্পদ কিমান থাকিব, সেয়া নিৰ্ভৰ কৰিব তেওঁলোকৰ ওপৰতে।

ঘৰত পৰুৱা ওলোৱাটো তেনেই এক সাধাৰণ কথা। তথাপি বৈদিক শাস্ত্ৰচত ইয়াৰ অৰ্থ যথেষ্ট বিশেষ। অৱশ্যে লেতেৰা আৰু খাদ্য থকা ঠাইতো পৰুৱা দেখা পোৱা যায়। 

ঘৰত ৰঙা বা ক’লা পৰুৱা দেখা পোৱাৰ বহুকেইটা শুভ আৰু অশুভ লক্ষণ দিয়ে। ঘৰত পৰুৱা ওলোৱা দিশ, সিহঁতৰ আচৰণে বুজায় যে আপুনি ধন লাভ কৰিব নে হেৰুৱাব।

ঘৰত ৰঙা পৰুৱা ওলোৱাৰ অৰ্থ - 

ঘৰত হঠাৎ বহুত ৰঙা পৰুৱা দেখাটো শুভ বুলি গণ্য কৰা নহয়। ঘৰত ৰঙা পৰুৱা দেখা পোৱা লগে লগে ই ইংগিত দিয়ে যে আপোনাৰ টকাৰ ক্ষতি হ’ব আৰু আপুনি হয়তো ধাৰ ল’ব লাগিব। সেয়েহে ৰঙা পৰুৱা ঘৰৰ ভিতৰত নাহিবলৈ সেই ঠাইত লং, নেমু, কৰ্পূৰ আদি ৰাখক।

ঘৰত ক’লা পৰুৱা ওলোৱাৰ অৰ্থ -

ঘৰত হঠাৎ ক’লা পৰুৱাৰ আৱিৰ্ভাৱ হ’লে শুভ বুলি গণ্য কৰা হয়। ক’লা পৰুৱাৰ আগমনৰ অৰ্থ হ’ল আপোনাৰ জীৱনত এটা সুখৰ সময় আহিবলৈ ওলাইছে। আপোনাৰ কেৰিয়াৰত প্ৰমোচন পাব পাৰে। টকা আহিব পাৰে। আয় বৃদ্ধি হ’ব পাৰে। পুৰণি সমস্যাৰ পৰা আপুনি সকাহ পাব। যেতিয়াই ঘৰত ক’লা পৰুৱা ওলোৱা দেখা যায়, তেতিয়াই আটা আৰু চেনি খুৱাব লাগে।

Category
Profile picture for user UB Photos