উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাৰ আজি ষষ্ঠম দিন! বৰ্তমানো আৱদ্ধ ৪০জনকৈ শ্ৰমিক.........

uk

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাৰ আজি ষষ্ঠম দিন
৬ দিন ধৰি সুৰংগত আৱদ্ধ ৪০জনকৈ শ্ৰমিক
নিৰ্মাণাধীন সুৰংগত ভূমিস্খলন হৈ মাজতে আবদ্ধ শ্ৰমিক
উদ্ধাৰৰ সকলো প্ৰচেষ্টা বিফল হোৱাত অনা হৈছে অত্যাধুনিক মেচিন
সেনাৰ বিমানেৰে আমেৰিকান ড্ৰিলিং মেচিন অনা হৈছে
বৃহস্পতিবাৰে ড্ৰিলিং মেচিনেৰে খনন চলোৱা হয় যদিও বাধাগ্ৰস্ত হৈছে খনন
খহনীয়াৰ বোকাৰ মাজত আবদ্ধ মেচিনৰ বাবে বাধাগ্ৰস্ত হৈছে খনন

কালিৰ দিনটোত ২৪ মিটাৰলৈ পাইৰ বহুৱা হয় যদিও বাধাগ্ৰস্ত হয় খনন
সুৰংগটোত অব্যাহত আছে বোকাময় মাটিৰ খহনীয়া 
বোকাময় মাটিৰে ক্ৰমাৎ ভৰি গৈ আছে সুৰংগ
আবদ্ধ শ্ৰমিকসকলক পাইপেৰে যোগান ধৰা হৈছে খাদ্য, পানী, অক্সিজেন
আবদ্ধ শ্ৰমিকৰ মোবাইল ফোনৰ বেটাৰী ডিচাৰ্জ হোৱাত বাধাগ্ৰস্ত যোগাযোগ
শ্ৰমিকৰ সৈতে থকা ৱাকি–টকিৰে চলিছে যোগসূত্ৰ
গভীৰ অনিশ্চয়তাৰ মাজত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

উল্লেখ্য যে, উত্তৰ কাশীৰ দুৰ্ঘটনাগ্ৰস্ত সুৰংগত পৰিস্থিতিৰ বুজ লৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী V. K. Singh। সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকসকল ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ খালী ঠাইত অৱস্থান কৰি আছে বুলি কোৱা হৈছে। বিগত ৫ দিন ধৰি, ড্ৰাই ফুড, বিস্কুট আৰু পানী খাই কোনোমতে প্ৰাণৰক্ষা কৰিছে আবদ্ধ শ্ৰমিকসকলে। আবদ্ধ শ্ৰমিকসকল বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ওড়িশা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ। উদ্ধাৰ অভিযানত থাইলেণ্ড, নৰৱে, ফিনলেণ্ডসহ কেইবাখনো দেশৰ বিশেষজ্ঞই অনলাইন পৰামৰ্শৰে সহায় আগবঢ়াইছে। সুৰংগত পাহাৰৰ বোকা মাটিৰ খহনীয়া অব্যাহত থকাত বিলম্ব ঘটিছে উদ্ধাৰ অভিযানত।

Category
Profile picture for user UB Photos