এজাক বৰষুণ, তাৰ পাছতে অলপ সকাহ ৰাজ্যবাসীৰ! হালধীয়া এলাৰ্ট জাৰি বতৰ বিজ্ঞানীৰ, ক’ত ক’ত বৰষুণৰ সম্ভাৱনা? জানো আহক........

rain

ৰাজ্যবাসীক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এক সুখবৰ! আগন্তুক ১৮ নৱেম্বৰ আৰু ১৯ নৱেম্বৰত অসমকে ধৰি ৬ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা।

উল্লেখ্য যে, বংগোপসাগৰ পৃষ্ঠত উৎপত্তি হোৱা ৬০/৭০ কিলোমিটাৰ গতিবেগৰ ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰৰ ৰাজ্যত বৰষুণৰৰ সম্ভৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৮ আৰু ১৯ নৱেম্বৰত ৰাজ্যৰ বিভিন্ন স্থানত YELLOW ALERT জাৰি কৰিছে।

ইয়াৰ লগতে, এই দুদিন ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ উপৰিও দক্ষিণ অসমৰ জিলা সমূহৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনাৰ আগজাননী দিছে। এনে পৰিপ্ৰেক্ষিততে অসম, ওড়িশা, পশ্চিমবংগ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 

অসমৰ বিশেষকৈ ডিমাহাচাও, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাত বৰষুণৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 

আজি ৰাজ্যত গড় সৰ্বনিম্ন তাপমান ১৬ ডিগ্ৰী আৰু সৰ্বোচ্চ তাপমান ২৮ ডিগ্ৰী চেলচিয়াছ হ’ব পাৰে। বিভিন্ন জিলাত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ লগতে কোনো কোনো ঠাইত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত ৰাজ্যৰ বতৰ অধিক ঠাণ্ডা হ’ব।  

Category
Profile picture for user UB Photos