পৰ্যটকসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা পৰ্যটকসকলে ভাৰততে চাব পাৰিব এখন আফ্ৰিকাৰ গাওঁ.......

african

দেশ-বিদেশ ভ্ৰমণ কৰি ভালপোৱা পৰ্যটকসকলে এতিয়া ভাৰততেই চাব পাৰিব এখন আফ্ৰিকাৰ গাঁও। গাঁওখন গৈ আপুনিও ভাবিবলৈ বাধ্য হ'ব যে, আপুনি আচলতে আছে ক'ত ভাৰত নে আফ্ৰিকা?

উল্লেখ্য যে, গুজৰাটৰ পৰা ৩৭৭ কিলোমিটাৰ দূৰত্বত আছে এইখন আফ্ৰিকান গাঁও। গীৰসোমনাথ জিলাৰ পৰা ৬৮ কিলোমিটাৰ দূৰত্বত গাঁওখনৰ বাসিন্দা সকল আফ্ৰিকান যদিও তেওঁলোকে পোছাৰ লগতে ভাষা হিচাপে ব্যৱহাৰ কৰে গুজৰাটী সংস্কৃতি। 

জানিব পৰা মতে, গাঁওখনৰ বাসিন্দাসকলৰ মাজতে বিবাহ সম্পন্ন কৰাটো বাধ্যতামূলক হোৱাৰ কাৰণে এই পৰ্যন্ত গাঁওখনৰ অবয়ব সম্পূৰ্ণ আফ্ৰিকান মূলৰ হৈ আছে। ইতিহাস অনুসৰি , সপ্তম শতিকাত আৰবে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল। সেই সময়ত আফ্ৰিকাৰ ছিদ্দি সম্প্ৰদায়ৰ বহু লোক ভাৰতলৈ আহিছিল, আৰু সেই সময়ৰে পৰা গুজৰাটৰ জম্বুৰ গাঁৱত আফ্ৰিকাৰ ছিদ্দি সম্প্ৰদায় লোকসকলে বসতি কৰি আছে। 

আফ্ৰিকাৰ কোনো সংস্কৃতিৰ লগত মিল নথকা এই লোক সকলে গুজৰাটী ভাষা আৰু পোছাক ব্যৱহাৰ কৰে। মাঁথো গাঁৱখনৰ এটাই নিয়ম যে, গাঁওখনৰ মানুহ খিনিৰ মাজতে বিবাহ কাৰ্য সম্পাদন কৰিব লাগিব। যাৰ বাবে জম্বুৰ গাঁৱৰ বাসিন্দাসকলৰ মাজত আফ্ৰিকাৰ অৱয়বৰ বাহিৰে আন কোনো ব্যক্তিৰ অৱয়বৰ লোক দেখা পোৱা নাযায়।

Category
Profile picture for user UB Photos