আকৌ ৰাজনীতিত খহনীয়া! এইবাৰ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই কৰিলে পদত্যাগ, কিন্তু কিয়?.......

congress

নগাঁৱত ৰাজনৈতিক ধুমুহা।  নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ পদত্যাগ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলটো ত্যাগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, সুৰেশ বৰাই বৃহস্পতিবাৰে নিশাৰ ভাগতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। নিশা বঢ়মপুৰ বিধানসভাৰ মণ্ডল পৰ্যায়ৰ সকলো নেতাক নিমন্ত্ৰণ জনায় নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷

তাৰ পিছতে কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দলত্যাগ কৰাৰ কথা ঘোষণা কৰে ৷ লগতে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা বুলি দলীয় নেতা কৰ্মী সকলক অবগত কৰে ৷ অৱশ্যে এই বিষয়ে নেতা সুৰেশ বৰাই ৰাজহুৱা মন্তব্য সংবাদ মাধ্যমৰ আগত দিয়া নাই ৷

Category
Profile picture for user UB Photos