এক কৰুণ ঘটনা! মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি ২ ভাতৃৰ.......

Dibrugarh

ডিব্ৰুগড়ৰ মোহনাঘাটত সংঘটিত এক শোকাৱহ ঘটনা। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰত মাতৃৰ অস্থি বিসর্জন দিবলৈ গৈ দুজন ভাতৃৰ সলিল সমাধি ঘটাৰ এক শোকাৱহ ঘটনা সংঘটিত হয়। এই ঘটনাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে। 

উল্লেখ্য যে, দুয়োজন আমোলাপট্টিৰ নিৱাসী দিগন্ত কাকতী (৪৮) আৰু অনন্ত কাকতী (৪০) বুলি আৰক্ষীয়ে জনায়। জানিব পৰা মতে, দিগন্ত আৰু অনন্তই বুধবাৰে পুৱা ব্ৰহ্মপুত্ৰত ছমাহ পূর্বে মৃত্যু হোৱা নিজ মাতৃৰ অস্থি বিসৰ্জনৰ বাবে গৈছিল। তেওঁলোকৰ লগত গৈছিল দিগন্তৰ প্ৰায় ৭ বছৰীয়া কন্যা সানিধ্যা। 

পুৱা ৯ মান বজাত অনন্ত কাকতীয়ে অস্তি বিসৰ্জনৰ বাবে বোৱঁতী ব্ৰহ্মপুত্ৰত নামোতেই হঠাৎ বুৰ যায়। ভাতৃ অনন্ত পানীত বুৰ যোৱা দেখি তেওঁক বচাবলৈ দিগন্ত কাকতীয়েও পানীত জাঁপ মৰাত দুয়োকে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে। এই সমস্ত ঘটনাৰ সাক্ষী হৈ আছিল দিগন্তৰ ৭ বছৰীয়া কন্যা সানিধ্যা। 

আনহাতে, শিশুটিয়ে চিঞৰ- বাখৰ কৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰিত থকা অন্য লোক ঘটনাস্থলীত গোট খায় যদিও দিগন্ত-অনন্ত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে। পাছত দুর্যোগ ব্যবস্থাপনা বিভাগৰ লোকে নাও লৈ গোটে দিনটো উদ্ধাৰ অভিযানত নামে যদিও দুই ভাতৃৰ সন্ধান উলিয়াবলৈ সক্ষম নহ'ল। 

Category
Profile picture for user UB Photos