সুৰাই কাল হৈ পৰিল এজন যুৱকৰ বাবে! ৫ সুৰামত্ত যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত এজন লোক........

Crime

সুৰাৰ বাবেই বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হোৱাৰ কথা সকলোৱে জানো বা শুনিছোঁ। সেই সুৰাই কাল হৈ পৰিল এজন যুৱকৰ বাবে। ৫ জনীয়া সুৰামত্ত যুৱকে প্ৰাণ কাঢ়িলে এজন লোকৰ। এই ঘটনাটো সংঘটিত হৈছে শিলচৰত।

উল্লেখ্য যে, শিলচৰত ৫ জন সুৰামত্ত যুৱকৰ তাণ্ডৱ। সুৰাৰ আড্ডাত সামান্য কাজিয়াই ল’লে ভয়ংকৰ ৰূপ। সুৰামত্ত যুৱকৰ দলবদ্ধ আক্ৰমণত নিহত এজন। চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু কৃষ্ণধন সিংহৰ। মৃত যুৱকজনৰ ঘৰ সোনাইৰ কাপ্তানপুৰত বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই, হত্যাকাৰী ৫ যুৱকক গ্ৰেপ্তাৰ কৰিছে শিলচৰ আৰক্ষীয়ে।

জানিব পৰা মতে, মঙ্গলবাৰৰ নিশা কৃষ্ণধন সিংহ আৰু তেওঁৰ এক সহপাঠী লক্ষীপুৰ ফুলেৰতল স্থিত এক সুৰাৰ আড্ডাত যায়। আৰু তাতে পাঁচ যুবকৰ লগত কিবা এটা বিষয় লৈ কৃষ্ণধন সিংহৰ কাজিয়াৰ সৃষ্টি হয় । পিছে স্থানীয় একাংশৰ হস্তক্ষেপত ঘটনাৰ মিমাংসা হয় যদিও পৰৱৰ্তী সময়ত পুনৰ কাজিয়াত লিপ্ত হয় দুই পক্ষ৷ এই কাজিয়াৰ পৰিণতিতে মৃত্যু ঘটে কৃষ্ণধন সিংহ নামৰ যুৱকজনৰ।

Category
Profile picture for user UB Photos