এদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ.......

jagdeep

এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। ১০.৫০ বজাত লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপ-ৰাষ্ট্ৰপতিক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

jagdeep

কটন বিশ্ববিদ্যালয়সহ তিনিটা বিশেষ অনুষ্ঠানত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। কটন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী, শিক্ষকৰে মত বিনিময়ৰ এক অনুষ্ঠানত অংশ লৈ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানলৈ যাব উপ-ৰাষ্ট্ৰপতিগৰাকী। বিয়লি হোটেল ৰেডিছন ব্লুত ৰাজস্থানী সম্প্ৰদায়ৰ নেতৃস্থানীয় লোকেৰে মিলিত হ’ব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। 

jagdeep

উল্লেখ্য যে, ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ত দীক্ষান্ত সমাৰোহ অনুষ্ঠানত অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। লগতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

jagdeep

আনহাতে, ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে আৰু ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন।

Category
Profile picture for user UB Photos