শক্তিপীঠ কামাখ্যা মাৰ সন্মুখতে ধৰ্ষণ ৯ বছৰীয়া কিশোৰীক......

Rape Case

বৰ্তমান সময়ত কিমান পাশৱিক হ'ব পাৰে এজন এজন লোক? মানুহটো বাদেই ভগৱানকো ভয় নকৰে এই লোকসকলে। আৰু কিমান তললৈ নামিব মানৱ জাতি?

rape

এইবাৰ শক্তিপীঠ কামাখ্যা ধামত সংঘটিত এক জঘন্য ঘটনা। VIP পাৰ্কিঙৰ সমীপত এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ এটা লম্পটৰ।

rape

অভিযোগ অনুসৰি মাতৃৰ সন্মুখতেই ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে লম্পট নয়ন হালৈয়ে। জানিব পৰা মতে, নয়ন হালৈ শক্তিপীঠ কামাখ্যাত দীৰ্ঘদিন ধৰি ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আছিল।

rape

আনহাতে মাতৃৰ সৈতে কিশোৰীগৰাকী কামাখ্যাত বহু দিনৰ পৰা ভিক্ষা কৰি চলি আছিল। শনিবাৰে নিশা সুযোগ বুজি লম্পট নয়ন হালৈ নামৰ যুৱক জনে মাতৃৰ সমীপতেই বলাৎকাৰ কৰে কিশোৰীগৰাকীক। ভুক্তভোগী মাতৃ সহায় বিচাৰি এজাহাৰ দাখিল কৰে কামাখ্যা আৰক্ষী চকীত। ইতিমধ্যে কামাখ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট নয়ন হালৈক।

Category
Profile picture for user UB Photos