প্ৰসংগঃ যোৰহাটৰ ছুৰীকাঘাত কাণ্ড, মূল অভিযুক্তসহ ৩ জনক গ্ৰেপ্তাৰ লগতে বহু চাঞ্চল্যকৰ তথ্য ফাদিল.......

Jorhat

দুৰ্গা পূজাৰ নৱমী নিশা যোৰহাটৰ গড়আলিত এক চাঞ্চল্যকৰ ছুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে, নৱমীৰ নিশা উদণ্ড যুৱকৰ এটা দলে এজন যুৱকক উপৰ্যুপৰি চুৰিৰে আঘাত কৰিছিল। তাৰ পিছত অতি সংকটজনক অৱস্থাত যুৱকজনক জেএমচিএইচত ভৰ্তি কৰা হৈছিল। 

আনহাতে, আৰক্ষীয়ে নাবালক বুলি সন্দেহ কৰা এই যুৱকৰ দলটোৰ কৰ্মকাণ্ডত হতবাক হৈ পৰিছে সকলো। জানিব পৰা মতে, পূজাত কাজিয়া হ’লে আক্ৰমণ কৰাৰ উদ্দেশ্যে উক্ত ঘটনাৰ মূল অভিযুক্তই ঘৰৰ পৰাই লগত লৈ আহিছিল চুৰি।

এই ঘটনাটোৰ লগত জড়িত অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে বিভিন্ন উৎসৰ পৰা ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি দিনে নিশাই চলোৱা অভিযানৰ অন্তত ঘটনাৰ মূল অভিযুক্তক গড়মূৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে, দুষ্কৃতিকাৰী দলটোৰ আৰু কেইবাজনো সদস্যক আৰক্ষীয়ে আটক কৰিছে।

উল্লেখ্য যে, যোৰহাটৰ ছুৰীকাঘাতৰ ঘটনাৰে জড়িত থকা সন্দেহত শুকুৰবাৰে আৰক্ষীয়ে তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছিল। দীৰ্ঘসময় ধৰি জেৰা কৰাৰ অন্তত ঘটনাস্থলীত উপস্থিত থকা যুৱতীকেইগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে যুৱককেইজনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱককেইজন ৰাজীৱ হাজৰিকা, চানিদুল ইছলাম আৰু বিশাল দাস বুলি জানিব পৰা গৈছে।

এই ছুৰিকাঘাটৰ ঘটনা সংঘটিত হোৱাৰ সময়ত নগৰৰ গড়আলিৰ সেই স্থানত মূল ষ্ট্ৰিট লাইটকেইটা বন্ধ হৈ আছিল বুলি জানিব পৰা গৈছে। বাবু চৌধুৰীক ছুৰী মৰা যুৱকজনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ মূল অভিযুক্তক সোধ-পোছৰ অন্তত ছুৰিকাঘাট কাণ্ডৰ প্ৰকৃত ৰহস্য জানিব পৰা যাব। যোৰহাট আৰক্ষীৰ তদন্তত অচিৰেই এই ঘটনাৰ সকলো দিশ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Category
Profile picture for user UB Photos