ৰাজ্যত আকৌ এবাৰ আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান! ইতিমধ্যেই এই অভিযানত আটক ৫০০ৰো অধিক লোক........

Child Marriage

ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়াৰ পিছতে ৰাজ্যত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যেই ইজনৰ পিছত সিজনকৈ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। 

উল্লেখযোগ্য যে, ৰাজ্যজুৰি বাল্য বিবাহৰে জড়িত  ৫০০ৰো অধিক লোকক আটক কৰা হৈছে। সোমবাৰৰ নিশা ধুবুৰীৰ চাপৰত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায়। আৰু এই অভিযানত ধুবুৰী জিলাতেই নিশাৰ ভিতৰত আটক কৰে ১৮৫জন লোকক।

child marriage

উল্লেখ্য যে, ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ৩৫ জনক, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা ৪২ জনক, গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰাও ৪২ জনক,  বিলাসীপাৰা থানা অঞ্চলৰ পৰা ৩৬ জনক, আগমণি আৰক্ষী থানা এলেকাৰ পৰা ৭ জন, তামাৰহাট থানা অঞ্চলত ১২ জনক আৰক্ষীয়ে আটক কৰিছে।

child marriage

আনহাতে, আৰক্ষীয়ে সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১ জন, চাপৰ আৰক্ষী থানা এলেকাৰ পৰা ৬জন, কামৰূপৰ নগৰবেৰাৰ পৰা ৫জন, অভয়াপুৰীৰ পৰা ৮ জন, গোলাঘাটৰ পৰা ৭জন, বৰপেটাৰ পৰা ৬ জন, বজালীৰ পৰা ১৮ জন, কোকৰাঝাৰৰ পৰা ২৪জন, কৰিমগঞ্জৰ পৰা ৪৯ জন, লখিমপুৰৰ পৰা ৮ জন, মানকাচৰৰ পৰা ৪০ জন, মৰিগাঁৱৰ পৰা ৩০ জন, বঙাইগাঁৱৰ পৰা ৩৯ জন আৰু কামৰূপ জিলাৰ ভিন্ন ঠাইৰ পৰা ৫০ জনক বাল্য বিবাহ কৰা বা ইয়াৰ সৈতে জড়িত থকাৰ বাবে আটক কৰিছে।

Category
Profile picture for user UB Photos