নৃশংস হত্যাকাণ্ড! অবৈধ প্ৰেম, তাৰ পিছত পত্নীৰ সৈতে মিলি প্ৰেমিকাক হত্যা.....

Murder

দেশত প্ৰায় প্ৰতিটো দিনেই সংঘটিত হৈছে হত্যাৰ ঘটনা। ইয়াৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডই কপাঁই তুলিছে সমগ্ৰ দেশক।  এইবাৰ পুনৰ লিভ-ইন সম্পৰ্কত থকা প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিলে বিবাহিত প্ৰেমিকে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত।

ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে তেওঁৰ লিভ-ইন প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই হত্যাকাণ্ডত অভিযুক্তক সহায় কৰিছিল পত্নীয়ে। হত্যাৰ পাছত প্ৰেমিকে তেওঁৰ পত্নীৰ সহায়ত যুৱতীগৰাকীৰ মৃতদেহটো গুজৰাটৰ এটা অঞ্চলত পেলাই দিয়ে। 

murder case

উল্লেখ্য যে, আৰক্ষীয়ে মৃত্যু হোৱা যুৱতীগৰাকীক নেইনা মাহাত বুলি চিনাক্ত কৰিছে। তেওঁ চলচ্চিত্ৰ উদ্যোগত মেক-আপ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। আনহাতে, অভিযুক্ত জন মনোহৰ শুক্লা বুলি চিনাক্ত হৈছে। মনোহৰৰ সৈতে ৫ বছৰ ধৰি যুৱতীগৰাকীৰ সম্পৰ্ক আছিল। শুক্লাই পোছাক ডিজাইনাৰ হিচাপে কাম কৰিছিল।

খবৰ অনুসৰি, নেইনাই বিয়া পাতিবলৈ শুক্লাক জোৰ কৰি আছিল। যেতিয়া শুক্লাই বিয়া নাপাতো বুলি কৈছিল তেতিয়া তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল নেইনাই। শুক্লাই গোচৰটো উঠাই ল'বলৈ কৈছিল। কিন্তু নেইনাই মান্তি নোহোৱাত তাইক হত্যা কৰা হৈছিল। হত্যাৰ পাছত মৃতদেহটো নিশ্চিহ্ন কৰিবলৈ পত্নীৰ সহায় বিচাৰিছিল। পত্নীয়ে নেইনাৰ মৃতদেহটো ছুটকেচত ভৰোৱাত সহায় কৰিছিল আৰু খাদত পেলাই দিছিল।

৯ আগষ্টৰ দিনা এই ঘটনা সংঘটিত হৈছিল। নেইনাৰ পৰিয়ালৰ লোকে ১২ আগষ্টত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। তাৰপাছতেই আৰক্ষীয়ে অনুসন্ধান কৰাত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুক্লা আৰু তেওঁৰ পত্নীক।

Category
Profile picture for user UB Photos