ৰক্ষকে ভক্ষক! এইবাৰ গুণ্ডাৰূপত চিকিৎসক, গুণ্ডাৰূপী চিকিৎসকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ড্ৰাগছ পৰিদৰ্শক......

Silchar

পুনৰ শিলচৰ মেডিকেল কলেজত কনিষ্ঠ চিকিৎসক দলৰ গুণ্ডাগিৰি। এইবাৰ সাধাৰণ ৰাইজ নহয়, মেডিকেল কলেজৰ গুণ্ডাৰূপী কনিষ্ঠ চিকিৎসক দলৰ আক্ৰমণৰ বলি কাছাৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই । 

উল্লেখ্য যে, এটা ২০/২৫ জনীয়া কনিষ্ঠ চিকিৎসক দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত কাছাৰ জিলাৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই। বৰ্তমান সংকটজনক অবস্থাত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে চৰকাৰী বিষয়া গৰাকী। 

silchar

অভিযোগ মতে, নিশা শিলচৰ মেডিকেল কলেজত আত্মীয়ক দেখিবলৈ গৈছিল কাছাৰৰ ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই ৷ চিকিৎসালয়ত বনৰাই ৰংমাই আত্মীয়ৰ লগত থাকোঁতে এজন কনিষ্ঠ চিকিৎসক আহি তেওঁৰ আত্মীয়ৰ তেজ সংগ্ৰহৰ কৰে আৰু তেতিয়া তেওঁ কনিষ্ঠ চিকিৎসক জনক কিহৰ বাবে তেজ সংগ্ৰহ কৰা হৈ আছে বুলি প্ৰশ্ন কৰাত চিকিৎসকজন খঙত জাঙোৰ খাই আহে আৰু তাৰ পাছতে চৰকাৰী বিষয়া জনৰ লগত তৰ্কাতৰ্কি লিপ্ত হয়। 

আনহাতে, কনিষ্ঠ চিকিৎসকজনে ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাইক ওৱাৰ্ডৰ পৰা কাষতে থকা চিকিৎসকৰ কোঠাত লৈ যায়। সেই কোঠাৰ ভিতৰত বনৰাই ৰংমাইক আবদ্ধ কৰি ২০/২৫ জনীয়া কনিষ্ঠ চিকিৎসকৰ দলে তেওঁক নিৰ্মমভাৱে প্ৰহাক কৰে। লাঠি, ভঙা বটলসহ বিভিন্ন অস্ত্ৰৰে মাটিত পেলাই লৈ গুণ্ডাৰূপী চিকিৎসকৰ দলটোৱে উপৰযোপুৰি আক্ৰমণ চলায় বিষয়াজনৰ ওপৰত ৷ নিজকে কাছাৰৰ ড্ৰাগছ পৰিদৰ্শক পৰিচয় দিয়াৰ পাছতো তেওঁৰ ওপৰত কনিষ্ঠ চিকিৎসকৰ দলটোৱে আক্ৰমণ চলায় বুলি জনায় ড্ৰাগছ পৰিদৰ্শক বনৰাই ৰংমাই।

silchar

আনকি আক্ৰমণৰ বলি হোৱা বিষয়াজনক বচাবলৈ যোৱা তেওঁৰ আত্মীয় সকলক প্ৰহাৰ কৰে গুণ্ডাৰূপী কনিষ্ঠ চিকিৎসক দলটোৱে ৷ গুণ্ডাৰূপী শিলচৰ মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসকৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ড্ৰাগছ পৰিদৰ্শক গৰাকী। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে । 

এই ঘটনাৰ পাছত নিশা শিলচৰ মেডিকেল কলেজত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে এই সমগ্ৰ ঘটনাটোক লৈ নিশা শিলচৰ মেডিকেল কলেজত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয়। 

Category
Profile picture for user UB Photos