সপ্তাহৰ শনিবাৰৰ দিনটো ভগৱান শনিক অৰ্পন কৰা হৈছে। লগতে বহুতে শনিক কঠোৰ দেৱতা বুলি ও বিশ্বাস কৰে। শনি দেৱে মানুহক কৰ্ম অনুসৰি ফল দিয়ে বুলি ও বিশ্বাস কৰা হয়। শনি দেৱৰ কু-দৃষ্টি যদি কোনো ব্যক্তিৰ জীৱনত পৰে, তেন্তে সেই ব্যক্তিৰ জীৱন সাংসাৰিক, আৰ্থিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়।
শনি দেৱক সন্তুষ্ট কৰিবলৈ বা তেওঁৰ কু-প্ৰভাৱ কম কৰিবলৈ জ্যোতি শাস্ত্ৰত বিভিন্ন ধৰণৰ উপায়ৰ কথা কোৱা হৈছে। সেই উপায় সমূহ পালন কৰিলে শনিৰ প্ৰভাৱ কম হোৱাৰ লগতে সফলতা অৰ্জন কৰা হয় বুলিও বিশ্বাস কৰা হয়।
তেনেহ'লে আমি জানো আহক শনিদেৱক সন্তুষ্ট কৰিবলৈ তেওঁক দিয়া বন্তি গছিত কি মিহলি কৰিব লাগে?
জ্যোতি শাস্ত্ৰ মতে, পূজাৰ চাকি গছিৰ বহু মহত্বপূৰ্ণ। প্ৰায়ভাগ লোকে শনিবাৰৰ দিনটোত শনিক সন্তুষ্ট কৰিবলৈ চাকি জ্বলায়। যদি সেই চাকি গছিত এটা মাত্ৰ লং যোগ কৰি দিয়া হয়, তেন্তে সেই চাকি গছিয়ে সলনি কৰিব পাৰে ভাগ্য। হয়, শনি দেৱক বন্তি গছি জ্বলোৱাৰ সময়ত তাত এটা লং দি চাকি গছি জ্বলাই দিয়ক, এই সৰু নিময়টোৱে আপুনাৰ জীৱনলৈ ধন আকৰ্ষণ কৰাৰ লগতে আৰ্থিক ভাৱে শক্তিশালী কৰি তুলে বুলি বিশ্বাস কৰা হয়। লগতে, প্ৰত্যেক শনিবাৰে আবেলি মিঠাতেলৰ চাকি জ্বলালে শনিদেৱ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।
- Log in to post comments