অভূতপূৰ্ব! মুক্তিৰ পূৰ্বেই ৰেকৰ্ড ভংগ কৰিলে শ্বাহৰুখ খানৰ নতুন চলচ্চিত্ৰ 'জাৱান'য়ে..... মাত্ৰ ২৪ ঘণ্টাত ৰেকৰ্ড সংখ্যক টিকট বিক্ৰী

jawan

বলীউডৰ বাদশ্বাহ বুলি কোৱা হয় শ্বাহৰুখ খানক। 'পাঠান' চলচ্চিত্ৰখনৰ পিছত, তেওঁৰ আন এখন ছবি 'জাৱান' কাইলৈ অৰ্থাৎ ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব। এই ছবিখন দক্ষিণৰ অন্যতম হিট পৰিচালক এটলী কুমাৰে পৰিচালনা কৰিছে। 'জাৱান' চলচ্চিত্ৰখনত শ্বাহৰুখক এক এক্সন অৱতাৰত দেখা পোৱা যাব। নয়নতাৰা আৰু বিজয় সেতুপতিক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।

jawan

উল্লেখ্য যে, 'জাৱান' ছবিখনৰ বাবে আগতীয়াকৈ বুকিং ৫ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল। মাত্ৰ ২৪ ঘণ্টাত পাঠানৰ অভিলেখ ভংগ কৰি টিকট বিক্ৰী হৈছে। কিছুমান ঠাইত শ্বাহৰুখৰ অনুৰাগীসকলে টিকটৰ বাবে নিশা ২ বজাৰ পৰা থিয়েটাৰৰ বাহিৰত ৰৈ থকাও পৰিলক্ষিত হৈছে। চলচ্চিত্ৰখনৰ বিষয়ে অনুৰাগীসকলৰ উন্মাদনা শীৰ্ষ পৰ্যায়ত উপনীত হৈছে। 

jawan

এতিয়ালৈকে আৰম্ভণিৰ দিনৰ টিকট বুকিংৰ অভিলেখ এছ এছ ৰাজামৌলীৰ Bahubali: the conclusion চিনেমাখনৰ নামত আছে। কিন্তু শেহতীয়া পৰিসংখ্যা অনুসৰি, Jawan ছবিখনৰ প্ৰথম দিনৰ টিকট বিক্ৰীত আগবাঢ়িছে আৰু ইয়াৰ ৭ লাখতকৈও অধিক টিকট বিক্ৰী হৈছে। Bahubali-2 চলচ্চিত্ৰৰ আৰম্ভণিৰ দিনৰ হিন্দীত ৬.৫০ লাখ টিকট বিক্ৰী হৈছিল। 

bahubali2

শ্বাহৰুখৰ ছবি Jawanক লৈ অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। ছবিখনৰ টিকটৰ বাবে পুৱা ২ বজাৰ পৰা মানুহে কোনো কোনো ঠাইত ভিৰ কৰিছে। শ্বাহৰুখৰ Jawan ছবিৰ অনুষ্ঠানবোৰ এতিয়া নিশাৰ পৰা প্ৰদৰ্শন কৰা হ’ব। ছবিখন বিহাৰ, কলকাতা আৰু হায়দৰাবাদত সন্ধিয়া ৫ বজাত প্ৰদৰ্শিত হ'ব। 

jawan

Jawan ছবিখনক লৈ অনুৰাগীৰ উন্মাদনাক দেখি এইটো অনুমান কৰা হৈছে যে ছবিখনে প্ৰথম দিনাই ৭৫ কোটিতকৈও অধিক ধন সংগ্ৰহ কৰিব পাৰিব।
 

Category
Profile picture for user UB Photos