কাইলৈ ৰাখীবন্ধন; পিছে জানেনে কোনটো ৰঙৰ ৰাখী শুভ নহয়? ভাতৃ-ভগ্নীক ৰাখী পিন্ধোৱাৰ আগতে জানো আহক সেই বিষয়ে.......

rakhi

এইবাৰৰ ৰাখীবন্ধন দুদিনীয়াকৈ উদযাপন কৰা হ’ব। ৩০ আগষ্টত এই দিৱস আৰম্ভ হ’ব আৰু ভদ্ৰ কালৰ বাবে ৩১ আগষ্টতটো ৰাখীবন্ধনৰ ৰীতি-নীতি পালন কৰিব পাৰিব।

ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে। ইয়াৰ বিনিময়ত ভাতৃসকলেও ভগ্নীক উপহাৰ আগবঢ়ায় আৰু লগতে গোটেই জীৱন সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

rakhi

সম্পৰ্কৰ বান্ধোনৰ পৱিত্ৰতাৰ প্ৰতীক ৰাখী পূৰ্ণিমা। কিন্তু প্ৰতিটো উৎসৱৰ দৰে ইয়াৰ সৈতে জড়িত হৈ আছে কিছুমান ৰীতি-নীতি। যিবোৰৰ ওপৰত সংসাৰৰ শুভ-অশুভ নিৰ্ভৰ কৰে বুলি প্ৰচলিত বিশ্বাস আছে।

সেইবাবে ৰাখী পিন্ধোৱাৰ আগত জানি লওক ইয়াৰ সৈতে জড়িত কিছুমান কথা -

১. ৰাখী পিন্ধোৱাৰ আগত আৰু সেই সময়ত যিদৰে কিছুমান নিয়ম পালন কৰিবলগীয়া হয়, ঠিক তেনেদৰে কিছুমান ৰীতি-নীতি পালন কৰিবলগীয়া হয় ৰাখী পূৰ্ণিমাৰ পিছতো।

২. জ্যোতিষীয়ে কোৱা অনুসৰি ৰাখী কেতিয়া হাতৰ পৰা খোলা হ’ব তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই। কিন্তু কোৱা হয় যে পিন্ধোৱাৰ ২৪ঘণ্টাৰ ভিতৰত হাতৰ পৰা ৰাখী খুলিব লাগে।

৩. ৰাখী পূৰ্ণিমাৰ পিছত এক পক্ষকাল পিতৃপক্ষ আৰম্ভ হয়। এই সময়ত হাতত ৰাখী পিন্ধি থাকিলে অশুভ শক্তিৰ প্ৰভাৱ বাঢ়ে বুলি কোৱা হয়। এবছৰ ধৰি কেতিয়াও ৰাখী পিন্ধি থকা উচিত নহয়।

rakhi

৪. ৰাখী পিন্ধাৰ ২৪ ঘণ্টা পিছত সেয়া হাতৰ পৰা খুলি পেলাই পানীত বিসৰ্জন দিব লাগে। বা সেই ৰাখীটো গছতো বান্ধি থ’ব পাৰে। নাইবা ৰাখিব পাৰে কোনো শুদ্ধ স্থানত।

৫. সাধাৰণ ৰাখী নিপিন্ধিলেও বিশেষভাৱে অৰ্ডাৰ কৰি তৈয়াৰ কৰা সোণ বা ৰূপৰ ৰাখী বছৰজুৰি পিন্ধিব পাৰে। ধাতুৰ সংস্পৰ্শত জীৱনত ধন-সম্পদ আৰু সমৃদ্ধি আহে।

৬. ক’লা ৰঙৰ ৰাখী বা ক’লা সূতাৰে গঁথা ৰাখী কিনিব নালাগে। সেয়া সংসাৰৰ বাবে অশুভ হয় বুলি বিশ্বাস কৰা হয়।
 

Category
Profile picture for user UB Photos