চন্দ্ৰৰ দক্ষিণ মেৰুৰ উষ্ণতা জানি আচৰিত ISROৰ বি়জ্ঞানী, চন্দ্ৰৰ তাপমান কিমান জানো আহক?......

ISRO

দেওবাৰে ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ নমুনা পৰীক্ষা কৰিলে ভাৰতৰ চন্দ্ৰযান-৩ৰ অংশ ৰ'ভাৰ প্ৰজ্ঞানে। দক্ষিণ মেৰুৰ তাপমানৰ প্ৰথম তথ্যক লৈ আচৰিত হৈ পৰিছে ইছৰ’ৰ বিজ্ঞানীসকল। ইছৰ’ৰ বিজ্ঞানীসকলে চন্দ্ৰপৃষ্ঠৰ ওপৰত ৭০ ডিগ্ৰী চেলচিয়াছ তাপমানৰ আশা নাছিল। 

চন্দ্ৰযান–৩ যি স্থানত অৱতৰণ কৰিছে আৰু নিজৰ কাম অব্যাহত ৰাখিছে, সেই স্থানত ২০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা ৩০ ডিগ্ৰীৰ মাজত তাপমান হোৱাৰ অনুমান কৰা হৈছিল। কিন্তু এয়া ৭০ ডিগ্ৰী চেণ্টিগ্ৰেড।

ISRO

ইছৰ’ৰ বিজ্ঞানী বি এইচ দাৰুকেশাই কয়, ‘এয়া আশ্চৰ্যজনকভাৱে আমি আশা কৰাতকৈ অধিক। পৃথিৱীত হয়তো এনে তাৰতম্য আছে। সেয়েহে চন্দ্ৰযান–৩ৰ প্ৰথম তথ্য অতি আকৰ্ষণীয়।’ 

লগতে তেওঁ কয় যে যেতিয়া আমি পৃথিৱীৰ ভিতৰত দুইৰ পৰা তিনি চেণ্টিমিটাৰ যাওঁ তেতিয়া কেতিয়াবাহে আমি দুইৰ পৰা তিনি ডিগ্ৰী চেণ্টিগ্ৰেডৰ তাৰতম্য পাওঁ, আনহাতে চন্দ্ৰত প্ৰায় ৫০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ তাৰতম্য দেখা যায়। এইটো এটা আমোদজনক কথা। প্ৰথমবাৰলৈ ইছৰ’ৰ চন্দ্ৰযান–৩ৰ জৰিয়তে বিশ্বৰ বিজ্ঞানীমহলে এই তথ্য লাভ কৰিছে।

ISRO

ইছৰ’ৱে জাৰি কৰা গ্ৰাফত চন্দ্ৰপৃষ্ঠৰ তাপমানৰ নিৰীক্ষণ বিক্ৰম পে’লোডৰ দ্বাৰা পৃথক পৃথক গভীৰতাত কৰা হৈছে। ভূমিৰ ওপৰত তাপমান ৫০ ডিগ্ৰী ছেলচিয়াছৰ আশে পাশে থাকে আৰু এয়া ২০ ছেণ্টিমিটাৰ উচ্চতাত ৬০ ডিগ্ৰীৰ অধিক বৃদ্ধি পায়। মাটিৰ তলত মাইনাছ ৮০ ছেণ্টিমিটাৰ গভীৰত তাপমান শূন্যৰ পৰা ১০ ডিগ্ৰী ছেলচিয়াছ তললৈ নামি যায়।

ISRO

এয়া দিনৰ ভাগত পোৱা তাপমাত্ৰা, কিয়নো চন্দ্ৰত এতিয়াও চন্দ্ৰ দিৱস চলি আছে। ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে চন্দ্ৰযান–৩ৰ ‘ছফ্ট লেণ্ডিং’ৰ বাবে দক্ষিণ মেৰুক নিৰ্বাচন কৰাৰ কাৰণ উল্লেখ কৰি কয় যে দক্ষিণ মেৰুত সূৰ্যৰ কিৰণ কম হয়।
 

Category