অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যাদা; লগতে গঠন হ’ল ৮১খন উপ-জিলাৰ…পিছে কোন কেইখন জিলা হ’ল পুনৰ গঠন?

Himanta Biswa Sarma

অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যদা, অৰ্থাৎ জিলা কেইখন পুনৰ গঠন হ’ল। হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলাই ঘূৰাই পালে জিলাৰ মৰ্যাদা। শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত এই ৪খন জিলাক বিলুপ্ত কৰিছিল ৰাজ্য চৰকাৰে। বিলুপ্ত হোৱা এই ৪ জিলাই পুনৰ মৰ্যাদা ঘূৰাই পোৱাৰ সমান্তৰালভাবে জিলা কেইখনৰ ভৌগলিক সীমাও সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

himanta

সেই অনুসৰি বিন্নকান্দি, লামডিং, হোজাই সমষ্টিক সামৰি হোজাই জিলা গঠন হোৱাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। জিলাখনৰ ক্ষেত্ৰত শংকৰদেৱ নগৰ হ’ব প্ৰধান স্থান।

আনহাতে বিশ্বনাথ জিলাৰ নতুন ভৌগলিক সীমা হিচাপে বিশ্বনাথ, গহপুৰ, বিহালী সমষ্টিক নিৰ্ধাৰণ কৰিছে। আকৌ তামুলপুৰ, গোৰেশ্বৰ সমষ্টি লগ হৈ গঠন হ’ব তামুলপুৰ জিলা।

একেদৰে বজালি জিলাৰ বাবে নতুন সীমা হিচাপে ভৱানীপুৰ, বজালী, সৰভোগ সমষ্টিৰ কথা উল্লেখ কৰিছে।

ইয়াৰ লগতে ৰাজ্যত ৮১খন উপ-জিলা গঠন কৰা হৈছে। কামৰূপ মহানগৰত ৪খন উপ-জিলা। দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী উপ-জিলা।

ইপিনে কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যৰ ২৪টা মহকুমা বিলুপ্ত কৰা হয়। তদুপৰি ৮১খন নতুন উপ-জিলা তথা ৩৪খন সদৰ উপ-জিলা গঠন কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি উপ-জিলাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সমকক্ষ এগৰাকীকৈ অতিৰিক্ত আয়ুক্ত থাকিব। লগতে অতিৰিক্ত আয়ুক্তৰ তলত থাকিব একোজনকৈ মহকুমাধিপতি।

এই উপ-জিলাসমূহৰ ক্ষেত্ৰত সকলো গুৰুত্বপূৰ্ণ কাৰ্যালয় থাকিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা উপ-জিলাৰ কাম আৰম্ভ কৰাৰ প্রয়াস কৰিব ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত দুই এদিনতে অধিসূচনা জাৰি কৰা হ’ব বুলিও সংবাদমেলত অৱগত কৰে।
 

Category
Profile picture for user UB Photos