ভয়াবহ ভূমিস্খলন! ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলত পুনৰ ভূমিস্খলন হৈ ১২ জনকৈ লোকৰ মৃত্যু......

Himachal

প্ৰকৃতিৰ ৰুদ্ৰৰূপ! নিমিষতে শেষ হৈ পৰিছে সকলো। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে নদীৰ সোঁতত উটি যাবলৈ ধৰিছে এটাৰ পিছত আনটো ঘৰ। ধাৰাসাৰ বৰষুণৰ ফলতে হিমাচলত পুনৰ সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন।

himachal

বাতৰি অনুসৰি, বুধবাৰে কুল্লুত হোৱা ভূমিস্খলনৰ ফলত একেৰাহে ৭টা বহুমহলীয়া অট্টালিকা ভাঙি পৰে। ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰবোৰত ফাট মেলা দেখা গৈছিল। তাৰপাছতে তিনিদিন পূৰ্বে বাসিন্দাসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল।

himachal

বুধবাৰে হিমাচলত হোৱা ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ১২ জন লোকৰ মৃত্যু হয়। হিমাচলত চলিত মাহত এতিয়ালৈকে ১২০ জন লোক প্ৰাণ হেৰুৱাইছে। 

আগন্তুক ২৪ ঘন্টাত হোৱা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ বাবে হিমাচলৰ ৬ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 

Category
Profile picture for user UB Photos