
চুবুৰীয়া ৰাজ্য মিজোৰামৰ ছাইৰাং অঞ্চলত বুধবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন নিৰ্মীয়মান ৰে’লৱে দলং খহি পৰাৰ ফলত কমেও ১৭জন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই দুৰ্ঘটনা আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছিল।

জানিব পৰা মতে, মিজোৰামৰ ৰাজধানী আইজলক ৰে'লপথৰ সৈতে সংযোগ কৰাৰ কাম দীৰ্ঘদিন ধৰি চলি আহিছে। সেই প্ৰকল্পৰ অধীনত আছিল ছাইৰাঙৰ এই ৰে'ল দলংখন।
জানিব পৰা মতে, আজি পুৱা কমেও ৪০ জন শ্রমিকে ৰেল দলং নিৰ্মাণৰ কামত নিয়োজিত হৈছিল। ইয়াৰে কমেও ১৭ জনৰ এই দুৰ্ঘটনাত মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্রশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এই ঘটনাৰ পিছতে দুর্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু ৰে'লৱেৰ বিষয়াসকল। ইফালে ৰে'ল কর্তৃপক্ষই এই মর্মান্তিক দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।
- Log in to post comments